মুখ্য বাতৰি
কেৱল ঔদ্যোগিক উন্নয়ন আৰু সমাজৰ দৰিদ্ৰ লোক সকলক বাদ দি দেশ কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰেঃ গৃহমন্ত্রী            স্বৰ্গদেউ চ্যুকাফাৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি অসম দিৱস উদযাপন            কৃত্রিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তিয়ে জীৱনটো সহজ কৰি তুলিব পাৰি যদিও একে সময়তে ই দিপ ফেকৰ দৰে সামাজিক ভাবুকিৰ সৃষ্টি কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু            COP-28 শীৰ্ষ সন্মিলনৰ মাজতে ধাৰাবাহিকভাৱে বিশ্বৰ অন্যান্য নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী মোদী            ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ লগতে ভাৰতৰ গোলকীয় সন্মান আৰু বিশ্বাস যোগ্যতা যোৱা কিছুবছৰত যথেষ্ট বৃদ্ধি পাইছেঃ উপ-ৰাষ্ট্ৰপতি           

Sep 04, 2020
6:01PM

ভাৰতৰ সুৰক্ষা আৰু নিৰাপত্তাৰ সন্দৰ্ভত ৰাছিয়াই আগবঢ়োৱা পৰামৰ্শক শ্ৰীৰাজনাথ সিঙৰ প্ৰশংসা

File Photo
ভাৰতৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি সমৰ্থন জনাই ৰাছিয়াই আগবঢ়োৱা পৰামৰ্শৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশখনক প্ৰশংসা কৰিছে। শ্ৰীসিঙে ভাৰতৰ বিশেষ অস্ত্ৰ প্ৰণালী বিক্ৰয়ৰ বিষয়টো ৰাছিয়াই সময়মতে গ্ৰহণ কৰাৰ বাবে দেশখনক কৃতজ্ঞতা জ্ঞাপন কৰিছে। বৈঠকত দুয়োখন দেশৰ মাজত বিভিন্ন দিশত ব্যাপক সহযোগিতাৰ আলোচনা কৰা হৈছে। অহা দুদিনত মলক্কাৰ জলডমৰুত ভাৰতীয় ৰুচ নৌ সেনা বাহিনীৰ দ্বাৰা আয়োজিত ইন্দ্ৰ নৌসেনা অভ্যাস অনুষ্ঠানে দেশ দুখনৰ মাজত সমন্বয় অটুট ৰাখিব বুলিও আশা কৰা হৈছে। শ্ৰীৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰত দৃষ্টিকোণ সন্দৰ্ভত মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ বিষয়েও অৱগত কৰে। বৈঠকত দুয়োখন দেশে ভাৰতত ৰাইফল নিৰ্মাণৰ ব্যৱস্থা সম্পৰ্কতো আলোচনা কৰে। উল্লেখযোগ্য যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং অন্যান্য নেতাসকলৰ সৈতে তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ গৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1