মুখ্য বাতৰি
কেৱল ঔদ্যোগিক উন্নয়ন আৰু সমাজৰ দৰিদ্ৰ লোক সকলক বাদ দি দেশ কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰেঃ গৃহমন্ত্রী            স্বৰ্গদেউ চ্যুকাফাৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি অসম দিৱস উদযাপন            কৃত্রিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তিয়ে জীৱনটো সহজ কৰি তুলিব পাৰি যদিও একে সময়তে ই দিপ ফেকৰ দৰে সামাজিক ভাবুকিৰ সৃষ্টি কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু            COP-28 শীৰ্ষ সন্মিলনৰ মাজতে ধাৰাবাহিকভাৱে বিশ্বৰ অন্যান্য নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী মোদী            ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ লগতে ভাৰতৰ গোলকীয় সন্মান আৰু বিশ্বাস যোগ্যতা যোৱা কিছুবছৰত যথেষ্ট বৃদ্ধি পাইছেঃ উপ-ৰাষ্ট্ৰপতি           

Sep 03, 2020
3:11PM

প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মন্ত্ৰী ৰাজনাথ সিং ৰাছিয়াত উপস্থিত

Tweeted by defence minister
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ এখন বৈঠকত  অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাছিয়াত উপস্থিত হৈছে। কাইলৈ মস্কোত হ’বলগীয়া এই বৈঠকত সংস্থাটোৰ ৮ খন সদস্য ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলে আঞ্চলিক সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা সন্ত্ৰাসবাদ আৰু উগ্ৰপন্থাৰ লেখীয়া বিষয়সমূহক লৈ মত বিনিময় কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ছাৰ্গেই শ্বৈগুৰ আমন্ত্ৰণক্ৰমে মস্কোলৈ যোৱা প্ৰতিৰক্ষা মন্ত্ৰী সিঙে নিৰাপত্তা সম্পৰ্কীয় সংযুক্ত সংস্থা চি-এছ-টি-অ’ আৰু কমনৱেলথ স্বাধীন ৰাষ্ট্ৰ চি-আই-এছৰ বৈঠকতো অংশগ্ৰহণ কৰিব।
এটা টুইটত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা তথা পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহক লৈ তেওঁ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে মত বিনিময় কৰিব। ভাৰত আৰু ৰাছিয়াক অগ্ৰাধিকাৰজনিত স্থিতিত থকা কৌশলগত সহযোগী বুলি আখ্যা দি শ্ৰী সিঙে, তেওঁৰ এই ভ্ৰমণৰ জৰিয়তে দেশ দুখনৰ মাজৰ সহযোগিতা অধিক বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে। যোৱা জুন মাহৰ পৰা এইটো হ’ল শ্ৰীসিঙৰ দ্বিতীয়টো মস্কো ভ্ৰমণ। ইয়াৰ পূৰ্বে দ্বিতীয় বিশ্ব যুদ্ধত ৰ্নাজি জাৰ্মেনীৰ বিৰুদ্ধে ছোভিয়েট ৰাছিয়াৰ জয়লাভৰ ৭৫ সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি যোৱা ২৪ জুনত আয়োজন কৰা বিজয় দিৱসৰ কুচকাৱাজত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। উল্লেখযোগ্য যে অহা ১০ ছেপ্তেম্বৰত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড৹ এছ জয়শংকৰকো ৰাছিয়াই আমন্ত্ৰণ জনাইছে।   

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1