প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি পুৱা তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়া অভিমুখে ৰাওনা হৈছে। ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ এখন বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তেওঁ দেশখনলৈ গৈছে। অহা শুকুৰবাৰে মস্কোত হ’বলগীয়া এই বৈঠকত সংস্থাটোৰ ৮ খন সদস্য ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলে আঞ্চলিক সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা সন্ত্ৰাসবাদ আৰু উগ্ৰপন্থাৰ লেখীয়া বিষয়সমূহক লৈ মত বিনিময় কৰা সম্ভাৱনা আছে। উল্লেখযোগ্য যে, ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ছাৰ্গেই শ্বৈগুৰ আক্ৰমণক্ৰমে মস্কোলৈ যোৱা প্ৰতিৰক্ষা মন্ত্ৰী সিঙে নিৰাপত্তা সম্পৰ্কীয় সংযুক্ত সংস্থা চি এছ টি অ’ আৰু কমনৱেলথ স্বাধীন ৰাষ্ট্ৰ চি আই এছৰ বৈঠকতো অংশগ্ৰহণ কৰিব।
এটা টুইটত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা তথা পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহক লৈ তেওঁ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে মত বিনিময় কৰিব। ভাৰত আৰু ৰাছিয়াক অগ্ৰাধিকাৰজনিত স্থিতিত থকা কৌশলগত সহযোগী বুলি আখ্যা দি শ্ৰীসিঙে, তেওঁৰ এই ভ্ৰমণৰ জৰিয়তে দেশ দুখনৰ মাজৰ সহযোগিতা অধিক বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে। আমাৰ সংবাদদাতাই প্ৰকাশ কৰে মতে যোৱা জুন মাহৰ পৰা এইটো হ’ল শ্ৰীসিঙৰ দ্বিতীয়টো মস্কো ভ্ৰমণ। ইয়াৰ পূৰ্বে দ্বিতীয় বিশ্ব যুদ্ধত নাজি জাৰ্মানীৰ বিৰুদ্ধে ছোভিয়েট ৰাছিয়াৰ জয়লাভৰ ৭৫ সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি যোৱা ২৪ জুনত আয়োজন কৰা বিজয় দিৱসৰ কুচকাৱাজত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। উল্লেখযোগ্য যে অহা ১০ ছেপ্তেম্বৰত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডাঃ এছ জয়শংকৰকো ৰাছিয়াই আমন্ত্ৰণ জনাইছে।