স্বাস্থ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কোৱিড বিৰুদ্ধে যুঁজখন দীঘলীয়া হ’ব আৰু ৰাজ্যৰ প্ৰতিজন ব্যক্তিয়েই এই ভাইৰাছৰ ভেকচিন নোপোৱালৈকে স্বাস্থ্য বিভাগে এই যুঁজ চলাই যাব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত এটা প্লাজমা দান শিবিৰত অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ক’ৰ’ণাই সৃষ্টি কৰা আতংকময় পৰিৱেশৰ মাজত স্বাস্থ্যকৰ্মীসকলে আগবঢ়োৱা অৱদান কেৱল প্ৰশংসনীয়ই নহয়, আদৰ্শস্বৰূপ। স্বাস্থ্যকৰ্মীসকলৰ সেৱাক মানৱতাৰ উৎকৃষ্ট নিদৰ্শন বুলি উল্লেখ কৰি তেওঁ কয় যে ক’ৰ’ণা ৰোগীৰ শুশ্ৰূষাত জড়িত হৈ নিজেই এই ৰচাগত আক্ৰান্ত হৈ পৰা ৩৭৫ জন স্বাস্থ্যকৰ্মীয়ে প্লাজমা দান কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁ কয় যে প্লাজমা থেৰাপি ক’ৰ’ণাৰ বিৰুদ্ধে উৎকৃষ্ট অস্ত্ৰ। স্বাস্থ্য বিভাগে কোৱিডৰ বিৰুদ্ধে যুঁজখনত এই অস্ত্ৰ ব্যৱহাৰ কৰি ভালেখিনি সফল হৈছে বুলি মন্তব্য কৰে। তেওঁ পুনৰ কয় যে কোৱিডৰ বিৰুদ্ধে যুঁজখন শক্তিশালীভাৱে থিয় দিব পৰাকৈ ৰাজ্য চৰকাৰৰ হাতত এতিয়া উপযুক্ত স্বাস্থ্য আন্তঃগাঁথনিও আছে। জটিল পৰিস্থিতিত চিকিৎসালয়ত ৮ হাজাৰ ৮০০ খন বিচনাৰে এই যুঁজত অৱতীৰ্ণ হোৱা ৰাজ্য চৰকাৰৰ হাতত এতিয়া কোৱিড ৰোগীৰ বাবে ২২ হাজাৰ বিচনা আছে। যোৱা পাঁচমাহে চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীসকলে যি অক্লান্ত সৈনিকৰ দৰে যুদ্ধত নামিল, তাৰ বাবে ক’ৰ’ণাক কিছু পৰিমাণে হ’লেও নিয়ন্ত্ৰণ কৰিব পৰা গৈছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ প্লাজমা দান কৰি কোৱিড ৰোগীসকলক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা লোকসকলক ধন্যবাদ জ্ঞাপন কৰে।