মুখ্য বাতৰি
কেৱল ঔদ্যোগিক উন্নয়ন আৰু সমাজৰ দৰিদ্ৰ লোক সকলক বাদ দি দেশ কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰেঃ গৃহমন্ত্রী            স্বৰ্গদেউ চ্যুকাফাৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি অসম দিৱস উদযাপন            কৃত্রিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তিয়ে জীৱনটো সহজ কৰি তুলিব পাৰি যদিও একে সময়তে ই দিপ ফেকৰ দৰে সামাজিক ভাবুকিৰ সৃষ্টি কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু            COP-28 শীৰ্ষ সন্মিলনৰ মাজতে ধাৰাবাহিকভাৱে বিশ্বৰ অন্যান্য নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী মোদী            ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ লগতে ভাৰতৰ গোলকীয় সন্মান আৰু বিশ্বাস যোগ্যতা যোৱা কিছুবছৰত যথেষ্ট বৃদ্ধি পাইছেঃ উপ-ৰাষ্ট্ৰপতি           

Aug 10, 2020
5:42PM

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি আত্মনিৰ্ভৰ ভাৰত সপ্তাহৰ শুভাৰম্ভ কৰে

@rajnathsingh

        প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি বিয়লি আত্মনিৰ্ভৰ ভাৰত সপ্তাহৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্ম নিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ লগত সংগতি ৰাখি স্থানীয় উৎপাদনত উদগনি যোগোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ইয়াৰ আগেয়ে কালি শ্ৰীসিঙে পৰিবহন বিমান, লঘু যুজাৰু হেলিকপ্তাৰ, পৰম্পৰাগত চাবমেৰিণ, ক্ৰুইজ  ক্ষেপনাস্ত্ৰকে ধৰি এশ এবিধ সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰে। এই সন্দৰ্ভত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থব্যৱস্থা, আন্তঃগাঁথনি, জনসংখ্যা আৰু চাহিদাৰ এই পাঁচটা স্তম্ভৰ ওপৰত ভিত্তি কৰি আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ বাবে আহ্বান জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এলানি টুইট যোগে কয় যে প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সন্মান জনাই প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এশ এবিধ সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰি উলিয়াইছে আৰু নিৰ্ধাৰিত সময়সীমাৰ পাছত এই সামগ্ৰীকেইবিধৰ আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপৰ ব্যৱস্থা কৰিছে। শ্ৰীসিঙে কয় যে প্ৰতিৰক্ষা ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপৰ ব্যৱস্থা কৰিছে। শ্ৰীসিঙে কয় যে প্ৰতিৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ দিশত এয়া এক বৃহৎ পদক্ষেপ ৰূপে পৰিগণিত হ’ব। তেওঁ কয় যে এই সিদ্ধান্তৰ ফলত ভাৰতীয় নিৰ্মাণকাৰীসকলে নিজস্ব আৰ্হি আৰি বিকাশ সামৰ্থ অনুযায়ী সামগ্ৰী নিৰ্মাণ কৰিব পাৰিব। শ্ৰীসিঙে কয় যে দেশৰ প্ৰতিৰক্ষা উদ্যোগসমূহে সেনা বাহিনীৰ আৱশ্যকতা পূৰণৰ বাবে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই বিকশাই তোলা প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰিব। অহা ৬-৭ বছৰৰ ভিতৰত ঘৰুৱা উদ্যোগসমূহে প্ৰায় ৪ লাখ কোটি টকাৰ ঠিকা লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীসিঙে কয় যে স্থলসেনা আৰু বায়ুসেনা প্ৰত্যেকৰে বাবে এক লাখ ৩০ হাজাৰ কোটি টকাৰ আৰু নৌসেনাৰ বাবে এক লাখ ৪০ হাজাৰ কোটি টকাৰ সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনা আছে। প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে চলিত বৰ্ষৰ পৰা ২০২৪ চনৰ ভিতৰত আমদানিৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে নিষেধাজ্ঞা কাৰ্যকৰীকৰণৰ পৰিকল্পনা কৰা হৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1