A-
A
A+
সৰ্বশেষ :
Dec 2 2023 8:58PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
Bengali/বাংলা
হোম পে’জ
মুখ্য বাতৰি
কেৱল ঔদ্যোগিক উন্নয়ন আৰু সমাজৰ দৰিদ্ৰ লোক সকলক বাদ দি দেশ কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰেঃ গৃহমন্ত্রী
          
স্বৰ্গদেউ চ্যুকাফাৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি অসম দিৱস উদযাপন
          
কৃত্রিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তিয়ে জীৱনটো সহজ কৰি তুলিব পাৰি যদিও একে সময়তে ই দিপ ফেকৰ দৰে সামাজিক ভাবুকিৰ সৃষ্টি কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু
          
COP-28 শীৰ্ষ সন্মিলনৰ মাজতে ধাৰাবাহিকভাৱে বিশ্বৰ অন্যান্য নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী মোদী
          
ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ লগতে ভাৰতৰ গোলকীয় সন্মান আৰু বিশ্বাস যোগ্যতা যোৱা কিছুবছৰত যথেষ্ট বৃদ্ধি পাইছেঃ উপ-ৰাষ্ট্ৰপতি
          
Aug 09, 2020
,
6:53PM
আত্মনিৰ্ভৰ ভাৰত অভিযানক উদগণি যোগোৱাৰ উদ্দেশ্যে ১০১ বিধ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ
@rajnathsingh
প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচীক উদগণি যোগোৱাৰ উদ্দেশ্যে এটা বৃহৎ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে প্ৰস্তুত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে তেওঁৰ মন্ত্ৰ্যালয়ে প্ৰতিৰক্ষা উৎপাদনত দেশীয় পদক্ষেপক উৎসাহিত কৰাৰ উদ্দেশ্যে এশ এবিধ আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত নিৰ্ধাৰিত সময়সীমা উকলি যোৱাৰ পিছত নিষেধাজ্ঞা আৰোপ কৰিব। শ্ৰীসিঙে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনীতি, আন্তঃগাঁথনি ব্যৱস্থা, জনসংখ্যা আৰু চাহিদাৰ এই পাঁচটা স্তম্ভৰ ওপৰত ভিত্তি কৰি স্ব-নিৰ্ভৰশীল ভাৰত গঢ়াৰ বাবে স্পষ্ট আহ্বান জনাইছে। এলানি টুইট যোগে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সন্মান জনাই প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এশ এবিধ সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰি ইয়াৰ বাবে নিৰ্ধাৰিত সময়সীমাৰ পাছত আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। শ্ৰী সিঙে কয় যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত স্ব-নিৰ্ভৰশীল হ’বৰ বাবে এয়া বৃহৎ পদক্ষেপ। তেওঁ কয় যে, এই সিদ্ধান্তই দেশৰ প্ৰতিৰক্ষা উদ্যোগক এই সামগ্ৰীসমূহ নিজস্ব ধৰণ তথা নক্সাৰে ঘৰুৱাভাৱে উৎপাদন কৰাৰ সুবিধা প্ৰদান কৰিব। শ্ৰীসিঙে লগতে কয় যে দেশৰ প্ৰতিৰক্ষা উদ্যোগে সেনা বাহিনীৰ প্ৰয়োজন পূৰাবৰ বাবে ডি আৰ ডি অৰ দ্বাৰা বিকশিত প্ৰযুক্তিগত নক্সা ব্যৱহাৰ কৰিব পাৰে। অহা ৬-৭ বছৰৰ ভিতৰত ঘৰুৱা উদ্যোগসমূহে প্ৰায় ৪ লাখ কোটি টকাৰ ঠিকা লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীসিঙে কয় যে স্থলসেনা আৰু নৌ সেনা প্ৰত্যেকেই এক লাভ ৩০ হাজাৰ কোটি টকাৰ সামগ্ৰী আৰু বায়ু সেনাই এক লাখ ৪০ হাজাৰ কোটি টকাৰ সামগ্ৰী লাভ কৰিব বুলি আশা কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে এই বছৰৰ পৰা ২০২৪ চনৰ ভিতৰত আমদানিৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে নিষেধাজ্ঞা কাৰ্যকৰী কৰণৰ পৰিকল্পনা কৰা হৈছে।
আনুসংগিক বাতৰি
অচিৰেই ১০ গৰাকী প্ৰতিৰক্ষা বিষয়াক নিযুক্তি - ৰাজনাথ সিং
দিল্লীৰ সেনা শিবিৰত থল সেনা ভৱনৰ আধাৰশিলা স্থাপন
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি আত্মনিৰ্ভৰ ভাৰত সপ্তাহৰ শুভাৰম্ভ কৰে
প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মন্ত্ৰী ৰাজনাথ সিং ৰাছিয়াত উপস্থিত
পূৱ লাডাখৰ সীমান্তত উত্তেজনা কম কৰাৰ বিভিন্ন উপায় সম্পৰ্কে কালি মস্কোত ৰাজনাথ সিঙ আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংগহেৰ মাজত আলোচনা
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি পুৱা তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়া অভিমুখে ৰাওনা হৈছে
ভাৰতৰ সুৰক্ষা আৰু নিৰাপত্তাৰ সন্দৰ্ভত ৰাছিয়াই আগবঢ়োৱা পৰামৰ্শক শ্ৰীৰাজনাথ সিঙৰ প্ৰশংসা
সংবিধান দিৱসত যুৱ ক্লাব উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
ফিক্কীৰ বাৰ্ষিক সন্মিলনৰ সামৰণি অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ
ভাৰতে আত্ম-সন্মানত আঘাত হোৱা কোনো কথাই সহ্য নকৰেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1