মুখ্য বাতৰি
এছিয়ান খো খো চেম্পিয়নশ্বিপৰ খিতাপ দখল ভাৰতৰ মহিলা আৰু পুৰুষ দলৰ            ৰাহুল গান্ধীক বিতর্কিত মোদী উপাধি মন্তব্যৰ বাবে দোষী সাব্যস্ত আদালতৰ            মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত নিতু ঘনঘাছ, লাভলীনা বৰগোহাঁই, নিখাট জাৰিন আৰু ছুইটী বুৰা            ২০২৩ বৰ্ষৰ পদ্ম সন্মানসমূহ প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ            বিহাৰৰ ৰাজ্য গঠন দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ শুভেচ্ছা           

Jul 11, 2020
6:40PM

কামৰূপ মহানগৰত পুনৰ এসপ্তাহ লকডাউন বৃদ্ধিৰ বাবে স্বাস্থ্য বিভাগৰ চৰকাৰক অনুৰোধ

AIR
ৰাজ্যৰ স্বাস্থ্য বিভাগে গুৱাহাটী মহানগৰীত পুনৰ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে।  স্বাস্থ্যমন্ত্ৰী  ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰি কৈছে যে নাগৰিক সমিতিয়ে চৰকাৰক পুনৰ দুসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ আহ্বান জনাইছিল যদিও স্বাস্থ্য বিভাগে এসপ্তাহ পৰ্যাপ্ত হ’ব বুলি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত কাইলৈ ৰাজ্যৰ মুখ্য সচিবে চূড়ান্ত নিৰ্দেশনা প্ৰকাশ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে।
ইফালে, গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত কোৱিড-১৯ৰ পৰিস্থিতি অত্যন্ত চিন্তনীয় যদিও চিকিৎসা সেৱা আৰু পৰ্যাপ্ত সংখ্যক নমুনা পৰীক্ষা কৰি থকা হৈছে। মহানগৰীৰ জনসংখ্যাৰ ১০ শতাংশ নমুনা এতিয়ালৈকে পৰীক্ষা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মহানগৰীখনত আক্ৰান্তৰ হাৰ প্ৰায় ২১ শতাংশ। এতিয়ালৈকে ৰাজ্যখনত ৫ লাখ ২৫ হাজাৰ ৪৮৫ টা নমুনা পৰীক্ষা কাৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পৰীক্ষাৰ সংখ্যা অনুপাতে আক্ৰান্তৰ হাৰ প্ৰায় ৩ শতাংশ। প্ৰতিদিনে গড়ে ৬০০ ৰ পৰা ৬৫০ জন লোাক ৰাজ্যখনত আক্ৰান্ত হৈছে। আনহাতে, কালিৰ দিনটোত সৰ্বাধিক সংখ্যক ৭০১ জন লোকক আৰোগ্য হোৱাৰ বাবে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। ৰাজ্যখনত আৰোগ্যৰ হাৰ ৬৩ দশমিক ৩-৯ শতাংশ। আৰোগ্যৰ ফালৰ পৰা ভাৰতৰ ভিতৰত অসমৰ স্থান পঞ্চম। 
আনহাতে, ৰাজ্যখনত এই ৰোাগৰ ফলত হোৱা মৃত্যুৰ হাৰ দেশৰ ভিতৰত সৰ্বনিম্ন দশমিক ২-৩ শতাংশ বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যখনত এতিয়াও কোৱিড সেৱা কেন্দ্ৰসমূহত প্ৰায় এহেজাৰখন বিছনা খালী হৈ আছে আৰু অহা সপ্তাহৰ ভিতৰতে পুনৰ ৪ হাজাৰ বিছনাৰ ব্যৱস্থা কৰা হব। মন্ত্ৰীগৰাকীয়ে কয় যে আই চি এম আৰৰ নিৰ্দেশনা অনুসৰণ কৰিলে অসমৰ দৰে পৰিয়াল গাঁথনি থকা ৰাজ্য এখনত কোৱিড ৰোগীৰ বাবে হোম কোৱাৰেণ্টাইন ব্যৱস্থা মুঠেও সঠিক নহয়। কোনো লক্ষণ নথকা ৰোগীয়ে তথাপিও হোম কোৱাৰেণ্টাইনত থাকিব বিচাৰিলে নিৰ্দিষ্ট কেইটামান চৰ্ত মানি চলি তেওঁ কোৱাৰেণ্টাইনত থাকিব পাৰিব। এই চৰ্তসমূহ হল প্ৰতিৱেশীৰ আপত্তি থাকিব নালাগিব, ঘৰত কোনো বৃদ্ধ লোক থাকিব নালাগিব, ৰোগীগৰাকীৰ ঘৰত পালচ্ অক্সিমিটাৰ থকাৰ লগতে এগৰাকী ব্যক্তিগত চিকিসকৰ সৈতে প্ৰতি ৩ ঘণ্টাৰ মূৰে মূৰে যোগাযোগ স্থাপন কৰি থাকিব লাগিব আৰু পালচ্ অক্সিমিটাৰত অক্সিজেনৰ মাত্ৰা ৯৫ৰ তললৈ নামিলে নিজৰ গাড়ীৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আহিব লাগিব।
ইফালে, বিমানেৰে অহা যাত্ৰীসকলক বিমান বন্দৰত ৰেপিড টেষ্ট কৰাৰ পাছত নিগেটিভ ফলাফল আহিলে তেওঁক ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিবলৈ দিয়া হব। মন্ত্ৰীগৰাকীয়ে কয় জৰুৰী চিকিৎসা প্ৰয়োজন হোৱা কোনো লোকে দিনৰ ১২ বজাৰ আগেয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আহিলে ২৪ ঘণ্টাৰ ভিতৰত তেওঁৰ কোৱিড পৰীক্ষাৰ ফলাফল দিয়াৰ ব্যৱস্থা কৰা হ’ব।
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে ১৪ জুলাইৰ পৰা বয়োজ্যেষ্ঠ কোৱিড আক্ৰান্ত লোকসকলক খানাপাৰাৰ কোৱিড সেৱা কেন্দ্ৰত ৰখা হ’ব। সেইদিনাখনৰ পৰাই গৰ্ভৱতী মহিলা আৰু শিশুসকলকো আছুতীয়াকৈ কোৱিড সেৱা কেন্দ্ৰত ৰখা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। 
অসমত আজি পুনৰ এজন লোকৰ কোৱিড-১৯ ৰ ফলত মৃত্যু হোৱাৰ লগে লগে মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি হৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1