মুখ্য বাতৰি
এছিয়ান খো খো চেম্পিয়নশ্বিপৰ খিতাপ দখল ভাৰতৰ মহিলা আৰু পুৰুষ দলৰ            ৰাহুল গান্ধীক বিতর্কিত মোদী উপাধি মন্তব্যৰ বাবে দোষী সাব্যস্ত আদালতৰ            মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত নিতু ঘনঘাছ, লাভলীনা বৰগোহাঁই, নিখাট জাৰিন আৰু ছুইটী বুৰা            ২০২৩ বৰ্ষৰ পদ্ম সন্মানসমূহ প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ            বিহাৰৰ ৰাজ্য গঠন দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ শুভেচ্ছা           

May 07, 2020
6:46PM

বহিঃৰাজ্যৰ ৰেডজ’নৰ পৰা অসমলৈ অহা লোকসকলক বাধ্যতামূলক ভাৱে কোৱাৰেণ্টাইনত কেন্দ্ৰত ৰখাৰ সিদ্ধান্ত

AIR

ৰাজ্য চৰকাৰে বহিঃৰাজ্যত ৰেডজন হিচাপে চিনাক্ত জিলাসমূহৰ পৰা অহা অসমৰ লোকসকলক বাধ্যতামূলকভাৱেকোৱাৰেণ্টাইন কেন্দ্ৰত ৰখাৰ সিদ্ধান্ত লৈছে । স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত এইকথা প্ৰকাশ কৰে । তেওঁ কয় যে, অসমআৰক্ষীয়ে বহিঃৰাজ্যত থকা অসমৰ লোকৰ বাবে ৩৭৫ খন অনুমতিপত্ৰ জাৰি কৰিছে। ইয়াৰ অধীনতদুহেজাৰ ৫৬ গৰাকী যাত্ৰী অসমলৈ আহিব পাৰিব । অতি সোনকালে আৰক্ষীয়ে ৫৪০ খন অনুমতিপত্ৰ জাৰি কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে আৰু ৩ হাজাৰ ৪০০ লোক এই পাছসমূহৰ সহায়তঅসমলৈ উভতি আহিব পাৰিব । আনহাতে, কাছাৰ জিলাত কালি এজন লোকৰ দেহত কণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ সন্দৰ্ভত তেওঁ কয় যে,ৰাজস্থানৰ আজমেৰ জিলা প্ৰশাসনে এখন বাছত ৮ টি শিশুসহ ৪২ জন লোকক অসমলৈ প্ৰেৰণকৰিছে । বাছখনত অহা ফৰিদুল ইছলাম নামৰ তেজপুৰৰ লোকজনৰ দেহত কণা পজিটিভ পোৱাৰ পাছতে ৪১ জন লোকক কোৱাৰেণ্টাইন কেন্দ্ৰতৰখাৰ বিপৰীতে বাছৰ চালককো কোৱাৰেণ্টাইন কৰা হৈছে । লোকজনৰ বিৰুদ্ধে ফৌজদাৰী গোচৰোআছে বুলি তেওঁ জানিবলৈ দিয়ে । আনহাতে, ৰাজস্থানৰ মেৱাৰ আৰু গুজৰাটৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ দলটো অসম আহি পোৱাৰ পাছত কাইলৈ আৰু পৰহিলৈ দিল্লীৰ পৰাও ভালেসংখ্যক লোকঅসমলৈ উভতি আহিব বুলি তেওঁ জানিবলৈ দিয়ে । তেওঁ কয় যে, অসমৰ বাবে এয়া অত্যন্ত প্ৰত্যাহ্বানৰসময় । মাস্ক পৰিধান নকৰিলে অথবা ৰাজহুৱা স্থানত কাপোৰেৰে মুখ নাঢাকিলে ৫০০ টকাজৰিমণা বিহা হব বুলিও তেওঁ ঘোষণা কৰে । মন্ত্ৰীগৰাকীয়ে লগতেবহিঃৰাজ্যত স্থায়ীভাৱে থকা লোকসকলক অতি প্ৰয়োজন নহলে যতে আছে তাতেই থাকিবলৈ আহ্বানজনায় । প্ৰসংগক্ৰমে তেওঁ কয় যে, আজিৰেপৰা ৰাজ্যখনৰ ২৫ হাজাৰ গাঁৱত সমূহীয়ানিৰীক্ষণ তথা স্বাস্থ্যপৰীক্ষাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । আনহাতে, কাইলৈৰ পৰাৰাজ্যিক কৰ্মচাৰীসকলে দৰমহা পাব বুলিও তেওঁ জানিবলৈ দিয়ে । তেওঁ কয় যে, হোমকোৱাৰেণ্টাইনত থকা লোকসকলৰ হাতত ষ্টাম্প মৰাৰ ব্যৱস্থা কৰা হৈছে । এনে লোক বাহিৰলৈওলাই আহিলে জনসাধাৰণক সচেতন হবলৈ তেওঁ জনসাধাৰণৰ প্ৰতি আহ্বানজনায় । আনহাতে, মুম্বাইৰ অসম ভৱনত থকা কৰ্কটৰোগীসকলক কাইলৈ অসমলৈ অনাৰ ব্যৱস্থাকৰা হব বুলি তেওঁ জানিবলৈ দিয়ে ।

               ইফালে,শিক্ষা বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানৰ পৰিস্থিতিৰপৰিপ্ৰেক্ষিতত শিক্ষাবৰ্ষ পহিলা এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈকে কৰাৰ বাবে চিন্তা কৰাহৈছে। এই সন্দৰ্ভত ৰাইজে অসম মাধ্যমিক শিক্ষা পৰিষদলৈ পৰামৰ্শ আগবঢ়াব পাৰিব ।পৰৱৰ্তী ১৫ দিনৰ ভিতৰত এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হব । আনহাতে, পহিলা মে ৰ পৰা ৩১ মে লৈ চলিত বৰ্ষৰ গৰমৰ বন্ধ ঘোষণা কৰা হৈছে। তেওঁ কয় যে, জুনৰ মাজভাগত অসমমাধ্যমিক শিক্ষা পৰিষদ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণাকৰা হব । আনহাতে, ৩১ মেৰ পাছত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান আৰম্ভ হব । তেওঁ লগতে কয় যে, দেশৰ বিভিন্ন ঠাইৰ পৰা বাছযোগে উভতি অহা অসমৰছাত্ৰ-ছাত্ৰীসকলৰ ২ ৰ পৰা ৫ হাজাৰ টকা জলপানি দিয়া হব । তাৰবাবে ছাত্ৰ-ছাত্ৰীসকলে ১৮০০-৩৪৫৩৫২৫ নম্বৰত ফোন কৰাৰ লগতে টুইটাৰতহেচটেগ ব্যৱহাৰ কৰি আছাম ষ্টুডেণ্টছ হেল্প ডেস্ক আৰু Assam students Help Desk@gmil.com যোগেও যোগাযোগ কৰিব পাৰিব । তেওঁকয় যে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সৃষ্টিশীল লিখনি, ৰচনা আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি১০ হাজাৰ পুৰস্কাৰ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে। লগতে, গ্ৰামাঞ্চলতশিক্ষক-শিক্ষয়িত্ৰীসকলে চোতালতে বহি কমেও ৫ জন ছাত্ৰ- ছাত্ৰীক শিক্ষা প্ৰদান কৰিবপাৰিব ।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1