কোৱিড-19ৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ লগতে অসমতো আজিৰে পৰা তৃতীয় পৰ্যায়ৰ লকডাউন বলবৎ হৈছে। লকডাউনৰ ফলত অসমত বিশেষকৈ বিত্তীয় দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ক্ষেত্ৰত কেতবোৰ শিথিলতা প্ৰদান কৰা হৈছে যদিও এই লকডাউনৰ সময়ছোৱাত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে সৰ্বাত্মক সান্ধ্যআইন জাৰি কৰা হৈছে। এই সান্ধ্য আইনৰ সময়ছোৱাত ফাৰ্মাচীৰ বাহিৰে সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ থাকিব। অৱশ্যে সংবাদ সেৱা, চিকিৎসা সেৱা, অগ্নি নিৰ্বাপক বাহিনী, এম্বুলেন্স সেৱা আৰু চৰকাৰী কৰ্তব্যত নিয়োজিত বিষয়াৰ যানবাহনৰ চলাচল সান্ধ্য সময়ছোৱাত ৰেহাই দিয়া হৈছে। সান্ধ্য আইন কঠোৰভাৱে বলবৎ হোৱাটো নিশ্চিত কৰাৰ বাবে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে ঘোষণা কৰি কৈছে যে ১৭ মে’লৈ অব্যাহত থাকিবলগীয়া তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাৰ বাবে ৰাজ্য চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিছে। তেওঁ কয় যে, কোৱিড-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চিহ্নিত কৰা গ্ৰীণ জ’নৰ অধীনস্থ জিলাসমূহৰ ক্ষেত্ৰত কেতবোৰ শিথিলতা অনা হৈছে যদিও অৰেঞ্জ জ’ন হিচাপে এতিয়াও চিহ্নিত হৈ থকা মৰিগাঁও, গোৱালপাৰা আৰু ধুবুৰী জিলাৰ লগতে ৰাজ্য চৰাকৰে নিজাববীয়াকৈ অৰেঞ্জ জ’ন হিচাপে চিহ্নিত কৰা বঙাইগাঁও জিলাত সম্পূৰ্ণ ৰূপে পূৰ্বৰ নিষেধাজ্ঞা বলবৎ থাকিব। মন্ত্ৰী ড৹ শৰ্মাই কয় যে, লকডাউনৰ সময়ছোৱাত আজিৰ পৰা ব্যক্তিগত চিকিৎসালয়, চিকিৎসা প্ৰতিষ্ঠান, পশু চিকিৎসা আৰু দন্ত চিকিৎসা প্ৰতিষ্ঠান, ব্যক্তিগত পৰীক্ষাগাৰ আদি খোলা থাকিব যদিও সন্ধিয়া ৫ বজালৈকেহে এই প্ৰতিষ্ঠানসমূহ খোলা ৰখাৰ অনুমতি দিয়া হৈছে। আনহাতে, গাওঁ বা চহৰত অকলশৰীয়াকৈ থকা দোকান সম্পূৰ্ণকৈ খোলা ৰখাৰ অনুমতি দিয়া হৈছে। ইয়াৰ বিপৰীতে চহৰত বা নগৰৰ ব্যস্ত ঠাইত শাৰী-শাৰীকৈ তকা দোকানৰ এক তৃতীয়াংশ খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে। এই সন্দৰ্ভত জিলা উপায়ুক্তসকলে নীতি-নিৰ্দেশনা জাৰি কৰিব। লকডাউনৰ এই নতুন নিৰ্দেশনা অনুসৰি আজিৰে পৰা কিতাপৰ দোকান, গেলামাল, ৰেচন আৰু চাহ-দোকান, ৰেস্তোৰা, আইচক্ৰীম পাৰ্লাৰ, জুছৰ দোকান আদি খুলিব পাৰিব। অৱশ্যে, এনে কোনো দোকানতে বহি খাদ্য গ্ৰহণ কৰিব নোৱাৰিব। গ্ৰাহকসকলে খাদ্য ক্ৰয় কৰি নিব পাৰিব। দোকানৰ বাহিৰত থিয় হৈ চাহকে ধৰি অন্যান্য খাদ্য গ্ৰহণ কৰিব নোৱাৰিব। পদপথত কোনো দোকান খুলিবলৈ দিয়া নহ’ব। তৃতীয় পৰ্যায়ৰ এই লকডাউনৰ সময়ত মাৰ্কেট কমপ্লেক্স, ম’ল, ছুইমিং পুল, পাৰ্ক, থিয়েটাৰ, বাৰ, হোটেল, ল’জ, সাংস্কৃতিক প্ৰকল্পসমূহ বন্ধ থাকিব আৰু যিকোনো ৰাজহুৱা সভা-সমিতি, ৰাজনৈতিক সভা-সমিতি, মন্দিৰ-মছজিদ-গীৰ্জা আদিত ধৰ্মীয় সমাবেশৰ লগতে বিবাহস্থলীৰ সমাগম সম্পূৰ্ণৰূপে বন্ধ থাকিব। আনহাতে ৰাজ্যখনত আৰম্ভ হোৱা গাহৰিৰ ৰোগৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা গাহৰি, গৰু আৰু মুৰ্গীকে ধৰি জন্তু পৰিবাহী কোনো বাহন অসমত সোমাব নোৱাৰিব।
৫০ শতাংশ যাত্ৰীৰে আজিৰে পৰা মহানগৰ চিটিবাছ আৰু আন্তঃজিলা চিটিবাছ সেৱা চলিত পাৰিব। আজিৰে পৰা অট’ৰিক্সা, চাইকেল ৰিক্সা আৰি টেক্সী চলাচলৰ অনুমতি দিয়া হৈছে যদিও এনে বাহনসমূহত চালকৰ বাদে দুগৰাকী যাত্ৰীহে বহিব পাৰিব। চাৰিচকীয়া উবেৰ, অলা, আৰু ব্যক্তিগত বাহন চলাব পাৰিব যদিও এইসমূহত চালকসহ দুজনকৈ যাত্ৰী যাব পাৰিব। দুচকীয়া বাহনৰ ক্ষেত্ৰত স্কুটাৰ বা মটৰ চাইকেলৰ পিছফালে কোনো পুৰুষ বহি যাব নোৱাৰিব অৱশ্যে মহিলা বা ১২ বছৰৰ তলৰ শিশু যাব পাৰিব। মন্ত্ৰী ড৹ শৰ্মাই কয় যে, মৰিগাঁও, ধুবুৰী, গোৱালপাৰাৰ লগতে বঙাইগাঁও জিলাত বাছ চলাচল কৰিব নোৱাৰিব যদিও গ্ৰীণ জ’নৰ পৰা যোৱা বাছসমূহে ৰেড বা অৰেঞ্জ জ’নৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথেৰে অতিক্ৰম কৰিব পাৰিব যদিও সেই সমূহ স্থানত ৰ’ব নোৱাৰিব।
ইফালে ৰাষ্ট্ৰীয় ঘাইপথেৰে সকলো ধৰণৰ যানবাহন চলাচল কৰিব পাৰিব যদিও ৰেড আৰু অৰেঞ্জ জ’নত যানবাহনৰ আহ-যাহ নাথাকিব। তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰিলেও অৰেঞ্জ জ’নসমূহত গাড়ী ৰখাব নোৱাৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। ইফালে অসম ৰাজ্যিক পৰিবহন নিগমৰ আগতীয়া অনুমতি লৈহে বাছ চলাচল কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ইফালে গুৱাহাটীকে ধৰি ৰাজ্যৰ গ্ৰীণ জ’ন জিলাসমূহত আজিৰে পৰা বিভিন্ন নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পাৰিব যদিও এই সমূহত ৫০ শতাংশ মিস্ত্ৰী, যোগালী বা শ্ৰমিকৰ দ্বাৰাহে কাম কৰিব পাৰিব।