ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা বিত্তীয় সংকটৰ জোৰা মৰাৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ বিত্তীয় মিতব্যয়িতাৰ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি বিত্ত বিভাগৰ আগতীয়া অনুমোদন অবিহনে কোনো প্ৰশাসনীয় বিভাগে নতুন আঁচনি গ্ৰহণ কৰিব নোৱাৰিব। অৰ্থাৎ ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ অধীনত কোনো নতুন আঁচনি গ্ৰহণ কৰিবলৈ হ’লে বিত্ত বিভাগৰ অনুমোদনৰ প্ৰয়োজন হ’ব। অৱশ্যে, বৈদেশিক সাহাৰ্য্য সম্পৰ্কীয় অথবা কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ক্ষেত্ৰত পূৰ্বৰ নিয়ম বাহাল থাকিব। আজি গুৱাহাটীত এখন সংবাদমেলত বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ২০১৯ চনৰ এপ্ৰিল মাহত ৯৩২ কোটি টকাৰ জি এছ টি সংগ্ৰহ হৈছিল যদিও, চলিত বৰ্ষৰ এপ্ৰিল মাহত কেৱল ১৯৩ কোটি টকাৰহে জি এছ টি সংগ্ৰহ হৈছে। সেয়েহে, বিত্তীয় সংকটৰ জোৰা মৰাৰ বাবে বিত্তীয় বৰ্ষৰ প্ৰথম তিনিটা মাহত ২৫ শতাংশৰ পৰিৱৰ্তে প্ৰতিষ্ঠানগত ব্যয় ১০ শতাংশহে ধাৰ্য কৰা হৈছে। তেওঁ লগতে কয় যে, অসম চৰকাৰৰ কৰ্মচাৰীসকলক মে’ মাহতো সম্পূৰ্ণ দৰমহা দিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।