ৰাজ্য চৰকাৰে বহিঃৰাজ্যত চিকিৎসাৰ বাবে গৈ আৱদ্ধ হৈ থকা অসমৰ ৰোগীসকলক ৰাজ্যখনলৈ ওভতাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি কয় যে ইতিমধ্যে ৰাজ্য চৰকাৰে অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ক এই লোকসকলক অসমলৈ ওভতাই অনাৰ বাবে অনুমতি দিবলৈ অনুৰোধ জনাইছে। আনহাতে, দিল্লীত অসমৰ ১০ জন লোক কোৱিড-19ত আক্ৰান্ত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে, ইয়াৰে ৭ জন চি আৰ পি এফৰ জোৱান আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে যোৱা ৰোগীও আছে। আনহাতে, ধুবুৰী আৰু গোৱালপাৰাৰ কোৱিড-19 আক্ৰান্ত দুজন ৰোগীক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা আজি যাবলৈ দিয়া হৈছে। এতিয়া তেওঁলোক ১৪ দিনৰ কোৱাৰেণ্টাইনত থাকিব। ইয়াকে লৈ অসমত বৰ্তমান চিকিৎসাধীন কোৱিড-19 আক্ৰান্ত লোকৰ সংখ্যা ৭ জনলৈ হ্ৰাস পাইছে।