মুখ্য বাতৰি
তুৰস্কৰ, ছিৰায়াৰ ভূমিকম্পত ১৩০০তকৈও অধিক লোক নিহত            কেন্দ্ৰীয় চৰকাৰ উত্তৰ পূৰ্বাঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ : অমিত শ্বাহ            আজিৰে পৰা গুৱাহাটীত ৱাই-টুৱেণ্টিৰ তিনিদিনীয়া সন্মিলন আৰম্ভ            ১৫ - ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ            ৪ খন নদীত ১২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ জলপথ খনন           

Apr 24, 2020
2:42PM

ৰাজ্যৰ সকলো চিকিৎসালয় সাধাৰণ ৰোগীৰ বাবে মুকলি

File Photo
গুৱাহাটীৰ পাণবজাৰত থকা মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ বাহিৰে ৰাজ্যখনৰ সকলো চিকিৎসা মহাবিদ্যালয় আৰু জিলা চিকিৎসালয় আজিৰে পৰা সাধাৰণ ৰোগীৰ বাবে মুকলি কৰি দিয়া ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয় যে, চৰকাৰী চিকিৎসালয়সমূহ সাধাৰণ ৰোগীৰ বাবে মুকলি কৰি দিয়াৰ ফলত ৰাজ্যৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে ভালেখিন সকাহ পাবউল্লেখযোগ্য যে, দেশৰ আন বিভিন্ন অংশৰ লগতে অসমতো কৰণা ভাইৰাছৰ সংক্ৰমণক লৈ শংকামূলক পৰিস্থিতি উদ্ভৱ হোৱাৰ পৰিপ্ৰেক্ষিতত চলিত মাহৰ আৰম্ভণিতেই চৰকাৰী চিকিৎসালয়সমূহত সাধাৰণ ৰোগীৰ চিকিৎসা প্ৰায় বন্ধ কৰি দিয়া হৈছিলসেই অনুসৰি গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল আৰু সোণাপুৰ জিলা চিকিৎসালয়সমূহত সাধাৰণ ৰোগীৰ চিকিৎসা একপ্ৰকাৰ ব্যাহত হৈ পৰিছিলএনে প্ৰেক্ষাপটত আন ৰোগত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে চৰকাৰৰ উদ্যোগতেই বিভিন্ন ব্যক্তিগত চিকিৎসালয়ত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।  

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1