মুখ্য বাতৰি
তুৰস্কৰ, ছিৰায়াৰ ভূমিকম্পত ১৩০০তকৈও অধিক লোক নিহত            কেন্দ্ৰীয় চৰকাৰ উত্তৰ পূৰ্বাঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ : অমিত শ্বাহ            আজিৰে পৰা গুৱাহাটীত ৱাই-টুৱেণ্টিৰ তিনিদিনীয়া সন্মিলন আৰম্ভ            ১৫ - ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ            ৪ খন নদীত ১২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ জলপথ খনন           

Apr 23, 2020
6:40PM

অসমত আজিৰে পৰা ৰেপিড এণ্টিবডি টেষ্ট আৰম্ভ

File Photo

যোৱা প্ৰায় এসপ্তাহ ধৰি অসমত নতুনকৈ কোনো লোক কোৱিড -19 আক্ৰান্ত হোৱা নাছিল যদিও অসমত আজি আৰু এজন লোকৰ দেহত  ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছেইয়াকে লৈ ৰাজ্যখনত কোৱিড - 19 আক্ৰান্ত লোকৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি পাইছেআজি ণা ভাইৰাছ ধৰা পৰা লোকজন ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বাসিন্দাতেওঁ গুৱাহাটী মহানগৰীৰ আঠগাঁও কবৰস্থানৰ সমাৱেশত অংশ লোৱা এজন কোৱিড - 19 আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ আহিছিলপ্ৰায় ৬২ বছৰীয়া লোকজনৰ ইতিমধ্যে কোৱাৰেণ্টাইন কেন্দ্ৰতে ৰখা হৈছেউল্লেখযোগ্য যে, কোৱিড - 19 আক্ৰান্ত হৈ অসমত এতিয়ালৈকে এজন ৰোগীৰ মৃত্যু হৈছে আৰু ১৯ জন লোক সুস্থ হৈ উঠিছেবৰ্তমান কোৱিড - 19 আক্ৰান্ত ১৫ জন লোক চিকিৎসাধীন হৈ আছে

ইফালে ৰাজ্যখনত আজিৰে পৰা ণা ভাইৰাছ ধৰা পেলাব পৰা ৰেপিড এণ্টিবডি টেষ্ট আৰম্ভ হৈছেগুৱাহাটী মহানগৰীৰ স্পেনিছ গাৰ্ডেনত আজি ১০০ জন লোকৰ ৰেপিড টেষ্ট কৰা হয়স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ইতিমধ্যে এই ১০০ জন লোকৰ ভিতৰত জনৰ ফলাফল নিগেটিভ আহে ৪৮ ঘণ্টাৰ ভিতৰত স্পেনিছ গাৰ্ডেনৰ বিৰুদ্ধে থকা কণ্টেইনমেণ্ট অৰ্থাৎ নিয়ন্ত্ৰিত অঞ্চলৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা অৰ্থাৎ স্পেনিছ গাৰ্ডেনো লকডাউনৰ সাধাৰণ নীতিনিৰ্দেশনাসমূহৰ আওতালৈ আহিবতেওঁ লগতে কয় যে, এবাৰ ৰেপিড টেষ্টৰ ফলাফল নিগেটিভ অহাৰ পাছত যদি কোনো লোকৰ দেহত ণা ভাইৰাছৰ সংক্ৰমণৰ লক্ষণ দেখা যায় তেনেহলে তেনে ব্যক্তিক পুনৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা কাইলৈ বা পৰহিলৈ গুৱাহাটী মহানগৰীৰ আঠগাওঁ মছজিদতো   ৰেপিড এণ্টিবডি টেষ্ট কৰা বুলি তেওঁ জানিবলৈ দিয়েএই পৰীক্ষা কেৱল নিৰীক্ষণৰ বাবেহে বুলি উল্লেখ কৰি তেওঁ কয় যে, কেৱল ১৫ মিনিটৰ ভিতৰতে ইয়াৰ ফলাফল লাভ কৰিব পৰা যায়

আনহাতে, কাইলৈৰ পৰা মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালৰ বাহিৰে ৰাজ্যখনৰ সকলো চিকিৎসা মহাবিদ্যালয় আৰু জিলা চিকিৎসালয় সাধাৰণ ৰোগীৰ বাবে মুকলি কৰি দিয়া বুলি তেওঁ জানিবলৈ দিয়েতেওঁ কয় যে, চিকিৎসকৰ সন্দেহ উপজিলে চিকিৎসালয়সমূহত সাধাৰণ ৰোগীৰো ৰেপিড টেষ্টৰ ব্যৱস্থা কৰা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পূৰ্বে ণা ভাইৰাছৰ লক্ষণ ১৪ দিনৰ ভিতৰত ধৰা পৰে বুলি ভবা হৈছিল যদিও অসমত কেইবাজনো লোকৰ দেহত ১৪ দিন পাৰ হোৱাৰ পাছত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত কোৱাৰেণ্টাইনৰ সময়সীমা ২৮ দিনলৈ বৃদ্ধি কৰা হৈছে


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1