অসম চৰকাৰে ৰাজ্যৰ ব্যক্তিগতবিদ্যালয়সমূহৰ দ্বাদশ শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ এমাহৰ মাছুল ৫০ শতাংশ ৰেহাইদিয়াৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ জাৰি কৰিছে । যিসমূহ বিদ্যালয়ে ইতিমধ্যেমাছুল সংগ্ৰহ কৰিছে, তেওঁলোকক পৰৱৰ্তী মাহটোত মাছুল সংগ্ৰহৰ ক্ষেত্ৰত ৰেহাই দিয়াৰবাবে নিৰ্দেশ দিয়া হৈছে । ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে ।মন্ত্ৰীগৰাকীয়ে কয় যে, ক’ৰু’ণাৰ প্ৰাদুৰ্ভাৱৰ এই সময়ছোৱাত কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে মাছুল বৃদ্ধিকৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত তেনে বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়া হ’ব । আনহাতে, মাছুল নললেও এই সময়ছোৱাত কোনো শিক্ষক-কৰ্মচাৰীৰ দৰমহা কৰ্তননকৰিবলৈ শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয়সমূহক নিৰ্দেশ দিয়ে ।
কোৱিড-19ৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলৰবিদ্যায়তনিক দিশত হোৱা ক্ষতি পূৰণ কৰিবলৈ প্ৰয়োজন সাপেক্ষে শনিবাৰ, দেওবাৰ আৰুগ্ৰীষ্ম বন্ধতো পাঠদানৰ ব্যৱস্থা কৰাৰ কথা চিন্তা কৰা হ’ব পাৰে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।
ইফালে, ৰাজ্যৰ বিভিন্ন ঠাইত আৱদ্ধহৈ থকা শ্ৰমিক আৰু অন্যান্য লোকক নিজ গৃহ বা কৰ্মস্থানলৈ যোৱাৰ সুবিধা কৰি দিয়াৰমানৱীয় কাৰণতে অহা ২৫, ২৬ আৰু ২৭ তাৰিখে আন্তঃজিলা যাতায়তৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে । অৱশ্যে, নিৰ্দিষ্ট বিধি নিষেধৰ মাজত আৰুসংশ্লিষ্ট জিলাৰ অনুমতি সাপেক্ষেহে লোকসকলে যাত্ৰা কৰিব পাৰিব । এই ক্ষেত্ৰতবিস্তৃত নিৰ্দেশনা জিলা উপায়ুক্তসকলক দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।কোনো ৰোগীয়ে চিকিৎসালয়লৈ আহিলে পুৱা আহি আবেলি ঘূৰি যাব লাগিব। আনহাতে,নিজৰ বাহন থকা লোকেও উপায়ুক্তৰ সন্মতি সাপেক্ষে এদিনৰ বাবে উপায়ুক্তই প্ৰদান কাৰঅনুজ্ঞা লৈ যথাস্থানলৈ যাব পাৰিব । শ্ৰমিকসকলক কৰ্তৃপক্ষ বা ঠিকাদাৰে জিলাউপায়ুক্তৰ অনুমতি লৈ গাড়ী ভাৰা কৰি নিজ গন্তব্য স্থানলৈ নিব পাৰিব । আনহাতে,যান-বাহনৰ সুবিধা নথকা আৱদ্ধ লোকে যদি নিজৰ গৃহলৈ যাব বিচাৰে তেওঁলোকে নিৰ্দিষ্ট পথত অসম ৰাজ্যিক পৰিবহন নিগমে বাহনৰব্যৱস্থা কৰি দিব আৰু ইয়াৰ বাবে ১০৪ নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে ।