অসম চৰকাৰে বহিঃৰাজ্যত লকডাউনৰ সময়ছোৱাত আৱদ্ধ হৈ থকা অসমৰ লোকসকলৰ সহায়ৰ বাবে আজি এখন আঁচনি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে । স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি উদ্ধোধন কৰি প্ৰথম পৰ্যায়ত ৰাজ্যৰ বাহিৰত থকা ৮৬ হাজাৰ লোকক প্ৰথম কিস্তিত ২ হাজাৰ টকাকৈ বেংক একাউণ্টযোগে প্ৰদানৰ ব্যৱস্থা কৰে । লকডাউন শেষ হোৱাৰ পূৰ্বে আৰু এটা কিস্তিত ধন মুকলি কৰি দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই উপলক্ষে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কয় যে, বহিঃৰাজ্যত আৱদ্ধ প্ৰায় ৪ লাখৰো অধিক লোকক চিনাক্ত কৰা হৈছে আৰু চৰকাৰৰ নিৰ্দেশ অনুসৰি এইসকলৰ ভিতৰত ২ লাখ ২৮ হাজাৰৰো অধিক আবেদন পত্ৰ লাভ কৰা হৈছে। চৰকাৰে বহিঃৰাজ্যত কৰ্কট, হৃদৰোগ, বৃক্ক আৰু যকৃত ৰোগৰ চিকিৎসাৰ বাবে যোৱা ৬৪৭ জন ৰোগীক ইতিমধ্যে ২৫ হাজাৰ টকাকৈ বেংক একাউণ্টত জমা দিছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইফালে, কেন্দ্ৰীয় চৰকাৰে চীনৰ পৰা আমদানি কৰা ৰেপিড টেষ্ট কীটৰ ৯ হাজাৰ ৬০০ টা অসমলৈ পঠিওৱা হৈছে আৰু ইয়াৰ দ্বাৰা আজিৰ পৰাই ৰাজ্যখনত পৰীক্ষা ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী ড৹ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে, এই কিটসমূহৰ ভিতৰত ৫০ টা গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত, ২৫ টা আঠগাঁৱৰ কবৰস্তানলৈ অহা লোকক, ২৫০ টা মৰিগাওঁ জিলাৰ লাহৰীঘাটত আৰু বাকীসমূহ ৰাজ্যৰ বিভিন্ন চৰকাৰী চিকিৎসালয় সমূহলৈ প্ৰেৰণ কৰাৰ দিহা কৰা হৈছে। পৰহিলৈ অতিৰিক্ত কিটসমূহ আহি পোৱাৰ সম্ভাৱনা আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই কিটসমূহৰ দ্বাৰা ১৫ মিনিটৰ ভিতৰতে কোৱিড- 19 সংক্ৰমণৰ বিষয়ে জানিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ভাৰতীয় চিকিৎসা গৱেষণা সংস্থাই এই কিটসমূহৰ মান পৰীক্ষা কৰি প্ৰেৰণ কৰিছে আৰু সেয়েহে ইয়াক লৈ কোনো বিৰ্তকৰ সৃষ্টি নকৰিবলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়। আনহাতে, অহা ২৪ এপ্ৰিলৰ পৰা গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ বাহিৰে ৰাজ্যৰ আটাইকেইখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।