অসমত কোৱিড-19 পজিটিভ ২৮ জন ৰোগীৰ অৱস্থা বৰ্তমান সুস্থিৰ। ৰাজ্যখনত এতিয়ালৈকে কোৱিড-19ত আক্ৰান্ত লোকৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি পাইছে। নাগালেণ্ডৰ পৰা অসমলৈ অহা এজন লোক আৰু ধুবুৰীৰ আন এজন লোকৰ দেহত নতুনকৈ এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে। অৱশ্যে, আক্ৰান্তসকলৰ ভিতৰত কৰ্কট ৰোগত আক্ৰান্ত প্ৰথমগৰাকী ৰোগীৰ বাহিৰে বাকীসকলৰ স্বাস্থ্য সুস্থিৰ হৈ আছে। স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এই ৰোগীসকল প্ৰায় সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত কাইলৈ পুনৰ নমুনা পৰীক্ষাৰ পাছত পৰহিলৈ অৰ্থাৎ ১৫ এপ্ৰিলৰ পৰা পৰ্য্যায় ক্ৰমে তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হ’ব। ইতিমধ্যে ৰাজ্যখনত তিনি হাজাৰ দুশ ৯টা নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰে ১০৯টাৰ ফলাফল আহিবলৈ বাকী আছে। আনহাতে, নিজামুদ্দিন মাৰ্কাজৰ ঘটনাৰ সৈতে জড়িত এহেজাৰ চাৰিশ ২১টা নমুনা পৰীক্ষা কৰা হৈছে আৰু ৩৪টা ফলাফলৰ বাবে অপেক্ষা কৰা হৈছে। ইফালে অসমত স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে ৮৫ হাজাৰ ৫৮২ পি পি ই কিট মজুত আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ লগতে ৯১ হাজাৰ এন-95 মাস্ক আৰু ৫০ লাখৰো অধিক তিনিটা আৱৰণ যুক্ত মাস্ক আছে বুলি তেওঁ প্ৰকাশ কৰে। অসম আৰোগ্য নিধিলৈ অসম চৰকাৰৰ কৰ্মচাৰীৰ এদিনৰ দৰমহাৰ উপৰি ৪১ হাজাৰ ৩৪২ গৰাকী ব্যক্তিয়ে আগবঢ়োৱা পুজিৰ দ্বাৰা মুঠ ৯১ কোটি ২৫ লাখ ৬০ হাজাৰ টকা জমা হৈছে বুলি শ্ৰীশৰ্মাই প্ৰকাশ কৰে।