অসম চৰকাৰে অহা মাৰ্চ মাহৰ ভিতৰত ৰাজ্যখনৰ ১ লাখ খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদানৰ কাম সম্পূৰ্ণ কৰিব। আনহাতে, অহা বিত্তীয় বৰ্ষত আৰু ১ লাখ খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি দিশপুৰৰ জনতা ভৱনত বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত এই বিষয়ে প্ৰকাশ কৰে। অহা বিত্তীয় বৰ্ষৰ বাজেটত ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ আশা আকাংক্ষা প্ৰতিফলিত কৰিব পৰাকৈ বাজেটখন প্ৰস্তুত কৰাৰ বাবে বৈঠকত জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিসকলৰ মতামত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে শাসনভাৰ লোৱাৰ পাছৰে পৰা বাজেটত জনসাধাৰণৰ আশা-আকাংক্ষা প্ৰতিফলিত কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। তেওঁ কয় যে চৰকাৰে জনসাধাৰণক অন্ধকাৰত ৰাখি কোনোধৰণৰ কাম কৰা নাই আৰু ভৱিষ্যতেও এনে কাম নকৰে। প্ৰতিটো জনগোষ্ঠীৰ প্ৰবাদ পুৰুষ আৰু মণিষীসকলৰ স্মৃতি যুগমীয়া কৰাৰ লগতে নৱ প্ৰজন্মক এই মণিষীসকলৰ সৈতে চিনাকী কৰাই দিয়াৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ভালেমান অনুষ্ঠানৰ আয়োজন কৰাৰ দিহা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বৈঠকত বিত্ত, স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ছটা জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে ইতিপূৰ্বে হোৱা আলোচনাৰ সময়ত পৰস্পৰে সহমতত উপনীত হোৱা বিষয়সমূহ বাজেটত প্ৰতিফলিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস কৰিব। চৰকাৰে প্ৰতিটো জনগোষ্ঠীৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে প্ৰয়াস চলাই আহিছে আৰু এইবাৰৰ বাজেটতো সেই দিশত গুৰুত্ব দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আজিৰ বৈঠকত মটক, মৰাণ, চাহ জনগোষ্ঠী, কোচ-ৰাজবংশী, চুতীয়া, টাই-আহোম, আদিবাসী, চাওতালকে ধৰি বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কলিতা জনগোষ্ঠী সন্মিলনী, কেওঁট জাতীয় পৰিষদ আৰু সদৌ অসম সুত পৰিষদৰ প্ৰতিনিধিৰ সৈতেও বৈঠকত মিলিত হয়।