মুখ্য বাতৰি
ওড়িশাৰ ৰেল দুৰ্ঘটনাৰ চি বি আই তদন্ত ঘোষণা            ওড়িশাৰ বাহানাগা ৰেল দুৰ্ঘটনাস্থলীত যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ কাৰ্য চলি আছে; বুধবাৰৰ পৰা ৰেলপথছোৱাৰে পুনৰ ৰেল চলাচলৰ আশাঃ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ            কাইলৈ মঙলদৈ বাইপাছৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে            ওড়িশাৰ ৰেল দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসা সন্দৰ্ভত প্ৰধানমন্ত্রীৰ সৈতে মুখ্যমন্ত্রী নবীন পাটনায়কৰ বাৰ্তালাপ            হায়দৰাবাদত তৃতীয় জি-টুৱেন্টি স্বাস্থ্য কার্যগোটৰ বৈঠক আৰম্ভ           

Feb 25, 2020
8:17PM

লজ এঞ্জেলেচ অলিম্পিকৰ পদক তালিকাত শীৰ্ষ দহখন দেশৰ ভিতৰত স্থান নিশ্চিত কৰাৰ বাবে ভাৰতৰ প্ৰয়াস অব্যাহত – কিৰেণ ৰিজিজু

AIR

কেন্দ্ৰীয় যুৱ পৰিক্ৰমাআৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে ২০২৮ চনত লজ এঞ্জেলেচত অনুষ্ঠিত হবলগীয়া অলিম্পিক ক্ৰীড়াপ্ৰতিযোগিতাৰ পদক তালিকাত শীৰ্ষ দহখন দেশৰ ভিতৰত স্থান নিশ্চিত কৰাৰ বাবে ভাৰতেপ্ৰয়াস অব্যাহত ৰাখিছে। লেহৰ NDS ইন্দোৰ ষ্টেডিয়ামত লাডাখ শীতকালীন ক্ৰীড়া সমাৰোহমুকলি কৰি ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চলিত বৰ্ষৰজুলাইত অনুষ্ঠিত হবলগীয়া টকিঅঅলিম্পিকৰ বাবে বিভিন্ন ক্ষেত্ৰৰ ৬২ গৰাকী খেলুৱৈয়েইতিমধ্যে নিজৰ স্থান নিশ্চিত কৰিছে আৰু মে মাহৰ ভিতৰত কেইবাগৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাৰ বাবেযোগ্যতা অৰ্জন কৰিব। শ্ৰীৰিজিজুৱে কয় যে বিশ্বৰ যুৱ উদ্যমৰ ২০ শতাংশই যাতেপ্ৰতিনিধিত্ব কৰিব পাৰে তাৰ বাবে চৰকাৰে প্ৰথম বাৰৰ বাবে খেলো ইণ্ডিয়া কাৰ্যসূচীৰঅধীনত বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ, যুৱ ক্ৰীড়া আৰু শীতকালীন ক্ৰীড়া সমাৰোহৰআয়োজন কৰিছে। এতিয়ালৈ ১৫ হাজাৰ যুৱ প্ৰতিভা চিনাক্ত কৰা হৈছে আৰু বিভিন্ন শিবিৰতপ্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। অহা ৭ মাৰ্চত গুলমাৰ্গত জম্মু-কাশ্মীৰ শীতকালীনক্ৰীড়া সমাৰোহ আৰম্ভ হব বুলি উল্লেখ কৰি তেওঁ এই ক্ৰীড়া সমাৰোহৰ মান তথাঅংশীদাৰিত্ব উন্নত কৰাৰ বাবে পুঁজিৰ পৰিমান বৃদ্ধি কৰাৰ আশ্বাস দিয়ে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1