ওডিশাত চলি থকা খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহত আজি পাটিয়ালাৰপাঞ্জাৱী বিশ্ববিদ্যালয়ে পুৰুষ আৰু মহিলাৰ আৰ্চাৰীৰ কম্পাউণ্ড শিতানত সোণৰ পদকঅৰ্জন কৰে। আনহাতে, ৰাজস্থান আৰু দিল্লী বিশ্ববিদ্যালয়ে এই শিতানৰ পুৰুষৰ শাখাতক্ৰমে ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। ইপিনে, মহিলাৰ এই শিতানত ৰাজস্থানবিশ্ববিদ্যালয়ে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে অমৃতচৰৰ গুৰুনানক দেৱ বিশ্ববিদ্যালয়েব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়।