প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আজি ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰ জৰিয়তে ওড়িশাৰ কটকত আয়োজিত প্ৰথম খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ক্ৰীড়া সমাৰোহ আৰম্ভ হোৱাৰ লগে লগে এক নতুন ইতিহাসৰ সৃষ্টি হল আৰু বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহৰ আয়োজন কৰা বচা বচা দেশৰ তালিকা ভাৰতবৰ্ষৰ নামো অন্তৰ্ভুক্ত হল। তেওঁ কয় যে আজি অকল এক নতুন প্ৰতিযোগিতাৰ আৰম্ভণিয়েই নহয় বৰং দেশৰ ক্ৰীড়া ইতিহাসত এটা নতুন অধ্যায়ৰ সূচনা হল। প্ৰধানমন্ত্ৰীয়ে লগতে খল’ ইণ্ডিয়া ক্ৰীড়া সমাৰোহ আৰম্ভ কৰাৰ মাত্ৰ তিনি বছৰৰ ভিতৰত গাঁও তথা দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ চহৰসমূহৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহে ক্ৰীড়াৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন দেখুওৱাত সহায় কৰিব। অনুষ্ঠানত অংশগ্ৰহণ কৰি ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ আয়োজন কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়।