মুখ্য বাতৰি
ওড়িশাৰ ৰেল দুৰ্ঘটনাৰ চি বি আই তদন্ত ঘোষণা            ওড়িশাৰ বাহানাগা ৰেল দুৰ্ঘটনাস্থলীত যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ কাৰ্য চলি আছে; বুধবাৰৰ পৰা ৰেলপথছোৱাৰে পুনৰ ৰেল চলাচলৰ আশাঃ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ            কাইলৈ মঙলদৈ বাইপাছৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে            ওড়িশাৰ ৰেল দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসা সন্দৰ্ভত প্ৰধানমন্ত্রীৰ সৈতে মুখ্যমন্ত্রী নবীন পাটনায়কৰ বাৰ্তালাপ            হায়দৰাবাদত তৃতীয় জি-টুৱেন্টি স্বাস্থ্য কার্যগোটৰ বৈঠক আৰম্ভ           

Feb 22, 2020
8:23PM

মাজুলীবাসীক ব্লাড-বেংক উপহাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

File Photo

মাজুলীবাসীক আজি প্ৰায় ১৪২ কোটি টকাৰ ৪২ খন আঁচনি তথাপ্ৰকল্পৰ লগতে ৫৫ লাখ টকা ব্যয়ৰ এটি ব্লাড-বেংক উপহাৰ দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দসোণোৱালে। জেংৰাইমুখৰ বৰপমুৱাত শনিবাৰে আয়োজিত এখন সভাত মুখ্যমন্ত্ৰীগৰাকীয়েজনস্বাস্থ্য কাৰিকৰী বিভাগৰ ১০৪.১ কোটি টকা ব্যয় সাপেক্ষ ২৮ টা বিশুদ্ধ খোৱাপানীযোগান প্ৰকল্পৰ একত্ৰে আধাৰশিলা স্থাপন কৰে। ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী ৰিহণ দৈমাৰী,জলসম্পদ আৰু বিজ্ঞান-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্ত, লখিমপুৰ আৰু যোৰহাটৰসাংসদদ্বয় প্ৰদান বৰুৱা আৰু তপন কুমাৰ গগৈয়ে অংশগ্ৰহণ কৰা এই সভাতে ৯.৪৬ কোটি টকাব্যয়েৰে নিৰ্মাণ কৰিবলৈ লোৱা ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ মাজুলী মাণ্ডলিক কাৰ্যালয় চৌহদআ৬৬ৰু ৭৫ লাখ টকাৰ ড্ৰোণৰ নিৰীক্ষণেৰে খহনীয়া প্ৰতিৰোধ আঁচনি এখন, বিজ্ঞান আৰুপ্ৰযুক্তি বিভাগৰ ২৫.৭২ কোটি টকীয়া এটা জিলা বিজ্ঞান আৰু প্ৰযুক্তি কেন্দ্ৰ তথাতাৰকাগৃহ, ২.০৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলৈ লোৱা মাজুলী জিলা পৰিবহণ বিষয়াৰকাৰ্যালয়ৰ আধাৰশিলাৰ ফলকো একেলগে অনাবৰণ কৰি প্ৰকল্প তথা আঁচনিকেইখনৰনিৰ্মাণকাৰ্যৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে। তদুপৰি, জলসিঞ্চন বিভাগে মাজুলীত ৩৭.৫৩লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা ২০ খন সৌৰ তথা বিদ্যুশক্তিচালিত হাইব্ৰিডজলসিঞ্চন আঁচনিও এই সভাতে মুখ্যমন্ত্ৰী সোণোৱালে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ইয়াৰপূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে গড়মূৰৰ শ্ৰীশ্ৰীপীতাম্বৰদেৱ গোস্বামী মহকুমা অসামৰিকচিকিসালয়ত ৫৪.৫ লাখটকাৰে স্থাপন কৰা এটা ৰক্তভঁৰালো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মাজুলীবাসীৰ সেৱাত উসৰ্গা কৰে।


লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1