প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিং যোগে আজি ওড়িশাত হ’বলগীয়া প্ৰথম খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ উদ্বোধন কৰিব। এই উপলক্ষে কটকৰ জৱাহৰলাল নেহৰু ইন্দোৰ ষ্টেডিয়ামত এটা আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক তথা কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুসহকেবাগৰাকীও গণ্য-মান্য লোক আৰু বিশিষ্ট খেলুৱৈ উপস্থিত থাকিব। দেশৰ বিভিন্নপ্ৰান্তৰ ১৫৯ খন বিশ্ববিদ্যালয়ৰ ৩,৪০০ গৰাকী খেলুৱৈ এই প্ৰতিযোগিতাৰ মুঠ ১৭ টাশিতানত অংশগ্ৰহণ কৰিব। ইয়াৰে ভিতৰত আৰ্চাৰী, এথলেটিকছ, বক্সিং, ফেন্সিং, জুডো,সাঁতোৰ, ভাৰোত্তোলন আৰু ৰাগবী অন্যতম। ১৯১ গৰাকী এথলেটৰ সৈতে অমৃতসৰৰ গুৰুনানকদেৱবিশ্ববিদ্যালয়ৰ সৰ্বাধিক খেলুৱৈয়ে এই ক্ৰীড়া মহোৎসৱত অংশগ্ৰহণ কৰিব।