প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি দিল্লীৰ সেনা শিবিৰত থল সেনা ভৱনৰ আধাৰশিলা স্থাপন কৰে। সেনা বাহিনীৰ এই নতুনমুখ্য কাৰ্যালয়টো মানেকশ্ব’ কেন্দ্ৰৰ সমীপৱৰ্তী আৰু ৩৯ একৰৰো অধিক ভূমিত স্থাপনকৰা হ’ব। এই বহু মহলীয়া ভৱনত প্ৰায় ছহাজাৰ সৈন্য থকাৰ ব্যৱস্থা থাকিব।লগতে ইয়াৰ চৌহদতে সেনা বাহিনীৰ সকলো কাৰ্যালয়ো স্থাপন কৰা হ’ব। সেনা বাহিনীৰ নতুনকৈ সৃষ্টি কৰা বিষয়া প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী অৰ্থাৎ চি ডি এছৰ কাৰ্যালয়ো ইয়াতে স্থাপন কৰাহ’ব। এই সুদৃশ্য ভৱনটো ৫ বছৰৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱা হ’ব। আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে কয় যে সেনা বাহিনীৰ সাহস আৰু ত্যাগৰ ফলতে ভাৰত আদি শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব পাৰিছে। নতুন ভৱনৰ ভূমি পূজন অনুষ্ঠানত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰো আয়োজন কৰা হয়।