মুখ্যমন্ত্ৰী সৰ্বানন্দসোণোৱালে চৰকাৰী আঁচনিসমূহৰ বিষয়ে ব্যাপক সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে চৰকাৰীপ্ৰশাসন যন্ত্ৰৰ উপযুক্ত প্ৰয়োগ সুনিশ্চিত কৰিবলৈ উপায়ুক্ত তথা বিভিন্ন বিভাগৰমুৰব্বীসকলক নিৰ্দেশ দিছে। লখিমপুৰ জিলাত ৰূপায়িত বিভিন্ন চৰকাৰী আঁচনিৰপৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ দিয়ে। তেওঁ চৰকাৰৰ বিভিন্নকল্যাণকামী আঁচনিৰ সুফল যাতে জনসাধাৰণে লাভ কৰিব পাৰে তাৰ বাবে সজাগতামূলকব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আনহাতে, স্বাস্থ্য বিভাগৰ কাম-কাজৰপৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে বিভাগটোৰ যুটীয়া সঞ্চালকক জাপানী এনকেফেলাইটিছ ৰোগৰপ্ৰতিষেধক সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবেও নিৰ্দেশ দিয়ে। আনহাতে, ২০২২ চনৰ ভিতৰতজিলাখনৰ কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যত উপনীত হব পৰাকৈ কৃষি আঁচনিসমূহৰসুফল কৃষকে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।মুখ্যমন্ত্ৰীয়ে লখিমপুৰ জিলাৰ উপায়ুক্তক অটল অমৃত অভিযান, আয়ুষ্মান ভাৰত,প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আদিৰ লেখিয়া আঁচনিসমূহৰঅধীনত আৰু অধিক হিতাধিকাৰীক সন্নিৱিষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে। আজিৰ বৈঠকতসাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলেও উপস্থিত আছিল।