মুখ্যমন্ত্ৰীসৰ্বানন্দ সোণোৱালে একবিংশ শতিকাৰ প্ৰতিযোগিতাৰ যুগত বৃহত্তৰ অসমীয়া সমাজখনকবিশ্বৰ বুকুত শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰাৰ বাবে সকলোকে অংশীদাৰ হবলৈ আহ্বানজনাইছে। গুৱাহাটীত কালি কাৰ্বি জনগোষ্ঠীৰ কেন্দ্ৰীয় দেহাল ৰংকেৰ কাছিৰ্দম উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্ৰীসোণোৱালে এইআহ্বান জনায়। তেওঁ কয় যে মাত্ৰ সুন্দৰ মনৰ অধিকাৰী মানুহেহে এখন সুন্দৰ আৰু সেউজপৃথিৱী গঢ় দিব পাৰে। বিশ্বৰ ৭৭০ কোটি মানুহৰ আগত অসমক প্ৰতিষ্ঠা কৰিবলৈ ৰূপকোঁৱৰৰআদৰ্শৰে আটাইকে সুন্দৰৰ পূজাৰী হবলৈ তেওঁ আহ্বান জনায়। এলেহুৱা জাতিয়ে কেতিয়াওউন্নয়নৰ জখলাত আৰোহণ কৰিব নোৱাৰে বুলি উল্লেখ কৰি শ্ৰী সোণোৱালে কয় যে ভৱিষ্যৎ প্ৰজন্মক সমাজৰ দায়িত্বশীল নাগৰিক হিচাপে গঢি় তুলিবলৈগুণগত শিক্ষাৰ বিকল্প নাই। তেওঁ উপযুক্ত শিক্ষাৰ জৰিয়তে ভৱিষ্যৎ প্ৰজন্মক সাহিত্য, বিজ্ঞান, অৰ্থনীতি, মহাকাশ বিজ্ঞান আদি সকলো দিশতে জাকতজিলিকা ৰূপত গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বাৰেৰহণীয়াকৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ কাৰ্বি জনগোষ্ঠীয়ে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াতসৱল আৰু শক্তিশালী ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰে।