মুখ্য বাতৰি
চানডুবিত পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত অমৃত গছপুলি ৰোপণ কাৰ্যসূচী            ভূপালত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ প্ৰস্তুতিৰ সন্দৰ্ভত বৈঠক অনুষ্ঠিত            বৰপেটাৰ প্ৰিয়ম তালুকদাৰৰ ললিত কলা একাডেমী ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ            গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ দশম সৰ্বাধিক ব্যস্ত বিমানবন্দৰ হিচাপে স্বীকৃতি লাভ            আৰ বি আইৰ দ্বিতীয়টো দ্বিমাসিক মুদ্রা নীতি ঘোষণা, ঘাই গাই সুদৰ হাৰ অপৰিৱৰ্তিত           

Feb 17, 2020
10:25AM

বেজবৰুৱাৰ আদৰ্শ অনুসৰণ কৰি কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে আগবাঢ়ি যাবলৈ নতুন প্ৰজন্মৰ প্ৰতি মুখ্যমন্ত্ৰী আহ্বান

File Photo

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেসাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আদৰ্শ অনুসৰণ কৰি কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰেআগবাঢ়ি যাবলৈ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনাইছে কালি কলকাতাত অসম ভৱনৰ চৌহদতসাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এটা পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি উন্মোচন কৰিমুখ্যমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনাইছেতেওঁ ৰসৰাজৰ এই প্ৰতিমূৰ্তিৰ জৰিয়তে অসম আৰু পশ্চিমবংগৰ মাজত কলা-সংস্কৃতি আৰুভাষা সাহিত্যৰ সমন্বয় অধিক শক্তিশালী হব বুলি আশা প্ৰকাশ কৰিছে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰউদ্যোগত, সাধাৰণ প্ৰশাসন আৰু গড়কাপ্তানি বিভাগৰ সহযোগত প্ৰায় ২০ লাখ টকা ব্যয়ত এইপ্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিওৱা হৈছে সাহিত্যৰথীৰ প্ৰতিমূৰ্তি স্থাপন কৰাটো গৌৰৱৰ বিষয় বুলি উল্লেখকৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰীগৰাকীয়ে কলকাতাৰ পৰাইৰাজ্যখনৰ ভাষা-সাহিত্যলৈ প্ৰভূত বৰঙণি আগবঢ়াই থৈ গৈছে অসমৰ নতুন পুৰুষে তেওঁৰ কৰ্মৰাজিঅনুধাৱন কৰি ৰাজ্যখনৰ সকলো বিষয শক্তিশালী কৰি তোলাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণকৰিব লাগিব বুলি প্ৰকাশ কৰেঅনুষ্ঠানত দিয়া ভাষণত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাহিত্যৰথীৰ অৱদানৰবিষয়ে অৱগত হৈ বোদ্ধিক জাগৰণৰ সৃষ্টি কৰাতো জাতিটোৰ বাবে শুভ লক্ষণ বুলিও মন্তব্যকৰে তেওঁ লগতে বৰ্তমানৰকলকাতাৰ অসম ভৱনটোৰ ঠাইত আন অত্যাধুনিক ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনাগ্ৰহণ কৰিছে বুলি উল্লেখ কৰে


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1