মুখ্য বাতৰি
পৰম্পৰা আৰু পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণৰ বাবে নাগালেণ্ডক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ            জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা কৰাটো ভাৰতৰ বাবে গোলকীয় হিত আৰু কল্যাণৰ হকে কাম কৰাৰ এটা ডাঙৰ সুযোগঃ প্ৰধানমন্ত্ৰী            এন চি চিৰ আজি ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস            চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ            'বিকাশৰ এটা পষেক’ শীৰ্ষক আলোচনাত ভাৰ্ছুৱেল ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ           

Feb 14, 2020
7:21PM

দক্ষিণ-পূব এছিয়াৰ সৈতে সম্পৰ্ক গঢ়ি তোলাত চিংফৌ জনগোষ্ঠীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে – মুখ্যমন্ত্ৰী

File Photo
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে দক্ষিণ-পূবএছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে অসমক বিভিন্ন দিশত আগুৱাই নিয়াৰক্ষেত্ৰত চিংফৌ জনগোষ্ঠীৰ লোকসকলে গুৰুত্বপূৰ্ণ অৰিহণা যোগাব পাৰে। তিনিচুকীয়াজিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ইনথেমত চিংফৌ জনগোষ্ঠীৰ ৩৬ সংখ্যক স্বপং য়ং মানও পয় মহোৎসৱতঅংশগ্ৰহণ কৰি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যখনৰবাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰ ক্ষেত্ৰত চিংফৌ জনগোষ্ঠীয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণকৰি আহিছে। দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে চৰকাৰেযি পদক্ষেপ গ্ৰহণ কৰিছে তাত চিংফৌ জনগোষ্ঠীৰ লোকসকলে গুৰুত্বপূৰ্ণ অৰিহণা যোগাবপাৰে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীসোণোৱালে জনগোষ্ঠীটোৰ আৰ্থ-সামাজিকউত্তৰণৰ বাবে ২৫ লাখ টকাৰ অনুদান দিয়াৰ কথাও ঘোষণা কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোডীয়ে এক্ট ইষ্ট নীতিৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দক্ষিণ-পূবএছিয়াৰ সৈতে সম্পৰ্ক সুদৃঢ়কৰণেৰে বিকাশৰ নতুন গতি প্ৰদান কৰিব বিচাৰিছে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1