অসম চৰকাৰে উপযুক্ত শিক্ষাৰ দ্বাৰা দক্ষ আৰু যোগ্য নাগৰিক গঢ়ি তোলাৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৱাসী ছাত্ৰ-ছাত্ৰীলৈ আৰ্থিক সাহায্য, হিন্দুস্তান পেপাৰ কৰ্প’ৰেচনৰ কৰ্মচাৰীৰ সন্তানৰ শিক্ষা অনুদান আৰু বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অনুদান প্ৰদান কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, সপোন দিঠকত পৰিণত কৰাৰ বাবে মূল্যবোধ সম্পন্ন শিক্ষা প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজনীয়। দেশৰ ভিতৰতে অসমক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰাৰ লক্ষ্য শিক্ষাৰ জৰিয়তে বাস্তৱায়িত কৰিব লাগিব বুলি তেওঁ কয়।