প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, সন্ত্ৰাসবাদে বৃহত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে যদিও ভাৰতে এইটো দেখুৱাই দিছে যে, সন্ত্ৰাসবাদী গোট আৰু সন্ত্ৰাসবাদীক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম। কালি নতুন দিল্লীত তৃতীয় প্ৰতিৰক্ষা বিষয়াসকলৰ সন্মিলনত ভাষণ দি শ্ৰী সিঙে পাকিস্তানৰ উদাহৰণ দি কয় যে চুবুৰীয়া দেশখনে সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি আৰু সন্ত্ৰাসবাদীক সমৰ্থন কৰি ভাৰতৰ সংযমৰ পৰীক্ষা লৈছে। ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দেখা দিয়া প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দেশৰ স্বাৰ্থ সুৰক্ষাৰ বিষয়ত গুৰুত্ব দিয়ে। তেওঁ কয় যে চৰকাৰে এই অঞ্চলত শান্তি আৰু সুস্থিৰতাৰ লগতে ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশৰ সৈতে সুৰক্ষা সহযোগ শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিৰক্ষা ২০২০ৰ বিষয়ে উল্লেখ কৰি শ্ৰীসিঙে কয় যে তামিলনাডু আৰু উত্তৰ প্ৰদেশত দুটা উদ্যোগিক কৰিড’ৰ স্থাপনে সম্ভাৱনা বৃদ্ধি কৰিব। তেওঁ কয় যে ভাৰতৰ নিচিনা এখন বিশাল দেশ কেৱল কেইখনমান দেশৰ প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত সীমিত কৰি ৰাখিব নোৱাৰে, ইয়াক সম্প্ৰসাৰণ কৰাৰ বাবে অহৰহ প্ৰয়াস কৰি থকা উচিত। এই সন্দৰ্ভত ১০টা নতুন প্ৰতিৰক্ষা শাখা স্থাপন কৰাৰ বিষয়ে তেওঁ ঘোষণা কৰে, যাৰ ফলত আৰু ১০গৰাকী নতুন প্ৰতিৰক্ষা বিষয়া নিযুক্তি দিব পৰা যাব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত ভাৰতৰ প্ৰতিৰক্ষা কূটনীতি অধিক শক্তিশালী হ’ব।