নুমলীগড় তেল শোধনাগাৰক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপে ৰখাৰ উদ্দেশ্যে অসমচৰকাৰে প্ৰায় ১৫শ কোটি টকা খৰচ কৰি বি পি চি এলৰ পৰা অংশীদাৰিত্ব ক্ৰয় কৰিব। কালিগুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিত্তমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্তবিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে নুমলীগড় শোধনাগাৰত থকা ৰাজ্য চৰকাৰেবিক্ৰী কৰা পূৰ্বৰ অংশীদাৰিত্ব পুনৰ ক্ৰয় কৰাৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰা হৈছে।শোধনাগাৰটো প্ৰতিষ্ঠা হোৱাৰ সময়ত ২৬ শতাংশ অংশীদাৰিত্ব অইলৰ হাতত আৰু ২৬ শতাংশঅসম চৰকাৰৰ হাতত আছিল যদিও ৰাজ্য চৰকাৰৰ অংশীদাৰিত্ব ১২.৩ শতাংশলৈ হ্ৰাস কৰি বাকীঅংশ বি পি চি এলক বিক্ৰী কৰা হৈছিল। ইফালে, তেওঁ শান্তি প্ৰক্ৰিয়াত অংশ লোৱাৰবাবে আগবাঢ়ি আহিবলৈ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাৰ মুৰব্বী পৰেশ বৰুৱাৰপ্ৰতি আহ্বান জনাইছে। তেওঁ কয় যে পৰেশ বৰুৱা আগবাঢ়ি আহিলে কেন্দ্ৰ আৰু ৰাজ্যচৰকাৰ আলোচনাৰ বাবে সাজু আছে। আনহাতে, বড়ো চুক্তিৰ অধীনত বিটিচিৰ বাহিৰত থকাএখনো অবড়ো গাঁও প্ৰস্তাৱিত উপগ্ৰহীয় পৰিষদত অন্তৰ্ভুক্ত নহয় বুলি তেওঁ স্পষ্টকৰি দিছে। শ্ৰীশৰ্মাই কয় যে এই ত্ৰিপাক্ষিক চুক্তিয়ে বড়োলেণ্ড অঞ্চলত স্থায়ীশান্তি সুনিশ্চিত কৰিব। শ্ৰীশৰ্মাই কয় যে এই চুক্তিয়ে ৰাজ্যখনৰ ভৌগোলিক অখণ্ডতাঅক্ষুন্ন ৰাখি বড়ো জনগোষ্ঠীৰ লোকসকলৰ দাবীসমূহৰ চূড়ান্ত আৰু বিস্তৃত সমাধানসুনিশ্চিত কৰিব। তেওঁ লগতে কয় যে এন ডি এফ বিৰ চাৰিওটা গোটৰ সদস্যসকলেমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগত কাইলৈ আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰিব।