মুখ্য বাতৰি
চানডুবিত পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত অমৃত গছপুলি ৰোপণ কাৰ্যসূচী            ভূপালত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ প্ৰস্তুতিৰ সন্দৰ্ভত বৈঠক অনুষ্ঠিত            বৰপেটাৰ প্ৰিয়ম তালুকদাৰৰ ললিত কলা একাডেমী ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ            গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ দশম সৰ্বাধিক ব্যস্ত বিমানবন্দৰ হিচাপে স্বীকৃতি লাভ            আৰ বি আইৰ দ্বিতীয়টো দ্বিমাসিক মুদ্রা নীতি ঘোষণা, ঘাই গাই সুদৰ হাৰ অপৰিৱৰ্তিত           

Jan 29, 2020
10:42AM

মাটি, ভেটি, কৃষ্টি-সংস্কৃতিক লৈ অসমবাসীৰ শংকাৰ কাৰণ নাইঃ মুখ্যমন্ত্ৰী

Tweeted By AIR

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে অসমৰ জনসাধাৰণ নিজৰ মাটি, ভেটি,কৃষ্টি-সংস্কৃতি আৰু ভাষা-সাহিত্যৰ সুৰক্ষাক লৈ কোনো কাৰণতে শংকিত হ’ব নালাগে।বৰ্তমানৰ ৰাজ্য চৰকাৰখনে অসমৰ উন্নয়ন আৰু ৰাজ্যখনক সুৰক্ষাক বাদ দি কোনো কথাইচিন্তা নকৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে। মাজুলীক কালি খিলঞ্জীয়ালোকক ভূমি পট্টা আৰু আবণ্টনপত্ৰৰ লগতে অন্যান্য অনুদান বিতৰণ উপলক্ষে আয়োজিতসভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। জনসাধাৰণৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইবিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এই বছৰৰ ভিতৰতে ১ লাখ খিলঞ্জীয়াক ভূমিৰ পট্টাপ্ৰদানৰ লক্ষ্যৰে জাতীয় দায়িত্ব পালনত আত্মনিয়োগ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী সোণোৱালে অসমীয়া ভাষাক চিৰকালৰ বাবে সন্মানীয় ভাষাহিচাপে জীয়াই ৰাখিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ভাষা গৌৰৱ আঁচনিৰ বিষয়ে উল্লেখ কৰে।মাজুলীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাৰ বাবে সকলোকে দায়িত্ব পালন কৰিবলৈমুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1