মুখ্য বাতৰি
পৰম্পৰা আৰু পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণৰ বাবে নাগালেণ্ডক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ            জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা কৰাটো ভাৰতৰ বাবে গোলকীয় হিত আৰু কল্যাণৰ হকে কাম কৰাৰ এটা ডাঙৰ সুযোগঃ প্ৰধানমন্ত্ৰী            এন চি চিৰ আজি ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস            চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ            'বিকাশৰ এটা পষেক’ শীৰ্ষক আলোচনাত ভাৰ্ছুৱেল ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ           

Jan 27, 2020
5:20PM

একবিংশ শতিকাত ভাৰতৰ বাবে গগণযান অভিযান, বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডত এটা ঐতিহাসিক সাফল্য হিচাপে পৰিগণিত হ’ব - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

twitter handle

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে একবিংশশতিকাত ভাৰতৰ বাবে গগণযান অভিযান, বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডত এটা ঐতিহাসিকসাফল্য হিচাপে পৰিগণিত হব। আকাশবাণী যোগে কালি সন্ধিয়া প্ৰচাৰিত মন কী বাতঅনুষ্ঠানত শ্ৰীমোডীয়ে কয় যে ই নতুন ভাৰতৰ বাবে এটা মাইলৰ খুটি হয় ৰব। তেওঁ কয় যে দেশে স্বাধীনতাৰ ৭৫বছৰ উদযাপন কৰাৰ সময়ত অৰ্থাৎ২০২২ চনত গগণযান অভিযানৰ জৰিয়তে এগৰাকী ভাৰতীয় লোকক মহাকাশলৈ প্ৰেৰণ কৰাৰ সংকল্পপূৰণ হব।শ্ৰীমোডীয়ে লগতে এই অভিযানৰ বাবে নিৰ্বাচিত ভাৰতীয় বায়ু সেনা বাহিনীৰ চাৰিগৰাকীপাইলটক প্ৰশংসা কৰাৰ লগতে ৰাছিয়াত হবলগীয়া আসন্ন প্ৰশিক্ষণৰ বাবে শুভেচ্ছা জনাই।প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰতিভাসম্পন্ন তৰুণ প্ৰজন্মই ভাৰতৰ দক্ষতা, মেধা,সক্ষমতা, সাহস আৰু সপোনকে চিহ্নিত কৰে। শ্ৰীমোডীয়ে কয় যে হিংসা কোনো সমস্যাৰেসমাধান হব নোৱাৰে। যিকোনো সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰি কিন্তু আন এটাসমস্যাৰ সৃষ্টি কৰি ইয়াৰ সমাধান কৰাটো কেতিয়াও সম্ভৱ নহয়। প্ৰধানমন্ত্ৰীয়েজনসাধাৰণক বিশেষকৈ হিংসাৰে সমস্যাৰ সমাধান বিচৰাসকলক শান্তিৰ পথলৈ ঘূৰি আহিবলৈআহ্বান জনাই। শ্ৰীমোডীয়ে কৈছে যে, কিছুদিন পূৰ্বে অসমত ৮ টা বিভিন্ন সন্ত্ৰীসবাদীগোটৰ ৬৪৪ জন সদস্যই অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰি শান্তিত বিশ্বাসী বুলি প্ৰকাশকৰিছে আৰু ৰাষ্ট্ৰৰ বিকাশত অংশীদাৰ হোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। শ্ৰীমোডীয়েকৈছে যে, হিংসাই সমস্যাৰ সমাধান কৰিব পাৰে বুলি যিকলে অস্ত্ৰ তুলি লৈছে তেওঁলোকেএতিয়া ঐক্যবদ্ধ প্ৰচেষ্টা আৰু শান্তিহে সমস্যা সমাধানৰ একমাত্ৰ পথ বুলি সজোৰেবিশ্বাস কৰে। ২০২০ চনৰ নতুন যুগটোৱে ব্ৰু-ৰিয়াং সম্প্ৰদায়ৰ লোকসকলৰ জীৱনলৈ নতুনআশাৰ ৰেঙণি কঢ়িয়াই আনিছে। তেওঁ লগতে ব্ৰু-ৰিয়াং শৰণাৰ্থীসকলৰ ২৫ বছৰ পুৰণি সমস্যাঅন্ত পেলোৱা বিশেষ চুক্তিৰ কথাও  উল্লেখ কৰে। শ্ৰীমোডীয়ে কয় ৩৪ হাজাৰৰো অধিকব্ৰু শৰণাৰ্থীক ত্ৰিপুৰাত পুনৰসংস্থাপন কৰা হব। তৃতীয় খেলইণ্ডিয়াযুৱ ক্ৰীড়া সমাৰোহ সফলতাৰে আয়োজন কৰাৰ বাবে অসম চৰকাৰৰৰ লগতে অসমৰ জনসাধাৰণকঅভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱল তিনিতা বছৰতে খেল ইণ্ডিয়া ক্ৰীড়া সমাৰোহৰ যোগেদিতিনি হাজাৰ দুশ গৰাকী যুৱক-যুৱতী খেলৰ মাধ্যমেৰে উজ্বলি উঠিছে। শ্ৰীমোডীয়ে কয় যে,চৰকাৰে এতিয়া খেলইণ্ডিয়াবিশ্ববিদ্যালয় ক্ৰীয়া সমাৰোহ আয়োজন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অহা ২২ফেব্ৰুৱাৰীৰ পৰা উৰিষ্যাৰ কটক আৰু ভূৱনেশ্বৰত প্ৰথমবাৰৰ বাবে খেলইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াসমাৰোহ অনুষ্ঠিত হব।প্ৰধানমন্ত্ৰীয়ে লগতে পৰাক্ষা পে চৰ্চা শীৰ্ষক মত বিনিময় কাৰ্যসূচীৰ জৰিয়তেশিক্ষাৰ্থীসকলৰ মাজত আত্মবিশ্বাস বৃদ্ধি হৈছে আৰু তেওঁলোক এতিয়া প্ৰত্যাহ্বানৰসন্মুখীন হোৱাৰ বাবে সাজু হৈ উঠিছে। তেওঁ কয় যে যোৱা বছৰৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভকৰা ফিট ইণ্ডিয়া স্কুল অভিযানৰ ইতিবাচক ফলাফল পৰিলক্ষিত হৈছে আৰু ৬৫ হাজাৰবিদ্যালয়ে এতিয়ালৈকে ফিট ইণ্ডিয়া স্কুল চাৰ্টিফিকেট লাভ কৰিছে। তেওঁ লগতে পানীসংৰক্ষণৰ বাবে জনসাধাৰণে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰো শলাগ লয়। তেওঁ কয় যে দেশৰবিভিন্ন প্ৰান্তত পানী সংৰক্ষণৰ বাবে নতুন নতুন আৰু ব্যাপক মাত্ৰাত প্ৰচেষ্টাঅব্যাহত আছে। দেশবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে নতুন দশকটোপ্ৰতিগৰাকী নাগৰিক আৰু দেশৰ বাবে নতুন সংকল্প আৰু সাফল্যৰ দশক হৈ উঠক বুলি প্ৰকাশকৰে।


লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1