উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গণ ৰাজ্য দিৱসউপলক্ষে দেসবাসীক ওলগ জনাইছে। শ্ৰীনাইডুৱে নিজৰ বাৰ্তাত স্বাধীনতা, সমতা,সম্প্ৰীতি আৰু সকলোৰে বাবে সমান ন্যায়ৰ সাংবিধানিক আদৰ্শৰাজিৰ প্ৰতি নিজকে সমৰ্পনকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। তেওঁ লগতে নাগৰিক হিচাপে নিজৰ দায়িত্ব পালনকৰাৰ লগতে দেশৰ প্ৰগতিত অৱদান আগবঢ়োৱাৰ বাবে সংকল্পবদ্ধ হ’বলৈকো জনসাধাৰণৰ প্ৰতি আহ্বানজনাই।