মুখ্য বাতৰি
পৰম্পৰা আৰু পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণৰ বাবে নাগালেণ্ডক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ            জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা কৰাটো ভাৰতৰ বাবে গোলকীয় হিত আৰু কল্যাণৰ হকে কাম কৰাৰ এটা ডাঙৰ সুযোগঃ প্ৰধানমন্ত্ৰী            এন চি চিৰ আজি ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস            চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ            'বিকাশৰ এটা পষেক’ শীৰ্ষক আলোচনাত ভাৰ্ছুৱেল ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ           

Jan 25, 2020
10:20AM

আজি নতুন দিল্লীত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জায়ৰ মেছিয়াচ বোলছোনাৰোৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিপাক্ষিক বৈঠক

AIR

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ব্ৰাজিলৰৰাষ্ট্ৰপতি জায়ৰ মেছিয়াচ বোলছোনাৰোৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হব। এই আলোচনাৰঅন্তত কেইবাখনো চুক্তিত স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। ব্ৰজালিৰৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ হবলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজত মুখ্য অতিথি হিচাপেঅংশগ্ৰহণ কৰিব। শ্ৰীবোলছোনাৰোই আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো সাক্ষাত কৰাৰকথা আছে।ৰাষ্ট্ৰপতিয়ে আজি তেওঁৰ সন্মানাৰ্থে ভোজমেলৰো আয়োজন কৰিব। ব্ৰাজিলৰৰাষ্ট্ৰপতিৰ সৈতে ৮গৰাকী মন্ত্ৰী, ৪গৰাকী সাংসদ, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়ীসকলৰবৃহত দল এটা ভাৰতলৈ আহিছে। ভাৰত আৰু ব্ৰাজিলৰ মাজত বহুপাক্ষিক সম্পৰ্ক আছে।সম্প্ৰতি দুয়োখন দেশৰ মাজত বাণিজ্যৰ পৰিমাণ ৮২০ কোটি ডলাৰ। ব্ৰাজিলৰৰাষ্ট্ৰপতিগৰাকী কালি এটা চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়।বিদেশ ৰাজ্যমন্ত্ৰী ভি মুৰুলীধৰণে পালমত থকা বায়ুসেনা বাহিনীৰ বিমানবন্দৰতশ্ৰীবোলছোনাৰোক আদৰণি জনায়।আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰযোগে অভ্যাগতৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায় কয় যে তেওঁক আদৰণি জনাবলৈ পাই ভাৰত অভিভূত হৈ পৰিছেআৰু সমগ্ৰ ৰাষ্ট্ৰই গণৰাজ্য দিৱসৰ কুচকাৱাজত তেওঁৰ অংশগ্ৰহণলৈ আগ্ৰহেৰে বাট চাইআছে। শ্ৰীবোলছোনাৰোৰ এই ভ্ৰমণে দুয়ো দেশৰমাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।


   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1