A-
A
A+
সৰ্বশেষ :
Sep 26 2023 9:55PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক
          
এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ
          
এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
          
গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
          
ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ
          
Jun 08, 2023
,
8:07PM
চানডুবিত পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত অমৃত গছপুলি ৰোপণ কাৰ্যসূচী
AIR
অসম চৰকাৰে ৰাজ্যখনৰ মুঠ ভৌগোলিক অঞ্চলৰ বনভূমি ৩৬ শতাংশৰ পৰা ৩৮ শতাংশলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা লৈছে। কামৰূপ জিলাৰ চানডুবিত আজি পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত অমৃত গছপুলি ৰোপণ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এখন জনসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বা ভূমিৰ সংৰক্ষণ কেৱল সামাজিক কাৰণতে নহয় বৰং ব্যক্তিগত অৰ্থনীতিৰ লগতে ৰাজ্যৰ অর্থনীতি তথা ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষাৰ বাবে বনভূমি ৰক্ষা কৰিব লাগিব। ৰাজ্যখনৰ প্ৰায় ২০ শতাংশ বনভূমি দখলকাৰীৰ কবলত আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, মানুহে বনাঞ্চল আৰু পাহাৰ ধংস কৰি বাসস্থান নিৰ্মাণ কৰিছে। তদুপৰি পেট্রল-ডিজেল আদিৰ অত্যাধিক ব্যৱহাৰ বা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলত গোলকীয়া উষ্ণতা ভয়াবহভাবে বৃদ্ধি পাইছে। এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ পদক্ষেপ হিচাপে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ১ নৱেম্বৰত গ্লাছগোত অনুষ্ঠিত চি অ' পি-২৬ শীৰ্ষ সন্মিলনত বিশ্ববাসীৰ সন্মুখত পৰিবেশৰ বাবে জীৱনশৈলী শীৰ্ষক অভিযানৰ বাৰ্তা প্ৰচাৰ কৰে। ভাৰতে ২০৭০ চনৰ ভিতৰত কাৰ্বন নিৰ্গমন শূন্য কৰাৰ লক্ষ্যৰে কাম কৰি গৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয় । ৰাজ্যখনৰ বনভূমি সংৰক্ষণ কৰা বাবে গ্ৰহণ কৰা পদক্ষেপৰ অধীনত বিগত দুটা বছৰত ৰাজ্য চৰকাৰে লামডিং সংৰক্ষিত বনাঞ্চল, পাভ সংৰক্ষিত বনাঞ্চল, বুঢ়া চাপৰি বন্য প্রাণী অভায়ৰণ্য, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আদিত অভিযান চলাই ৬১ হাজাৰ ৩৭৫ বিঘা বনাঞ্চল দখলমুক্ত কৰা হৈছে বুলি ড° শৰ্মাই প্ৰকাশ কৰে।
বন্যপ্ৰাণী সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ প্ৰাকৃতিক বাসস্থানসমূহ সুৰক্ষিত কৰাৰ দিশত ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলিও তেওঁ কয়। এই উপলক্ষে পৰিৱেশ আৰু বন বিভাগে কামৰূপ জিলাৰ চানডুবিত এই গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি লগতে কয় যে অহা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে অসমত ১ কোটি গছ পুলি ৰোপন কৰিব। এই কাৰ্যসূচীত অংশ লোৱা প্ৰতিগৰাকী ব্যক্তিলৈ গছপুলি প্ৰতিপালনত সহায়ক হোৱাকৈ ১০০ টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই ঘোষণা কৰে।
ইয়াৰ লগতে গছজোপা ৰোপণ কৰাৰ তিনি বছৰৰ পাছত প্ৰতিপালন কৰা ব্যক্তিগৰাকীয়ে কৃতজ্ঞতা হিচাপে ২০০ টকাকৈ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। এই কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে সাংসদ, বিধায়ক আৰু শীৰ্ষ বিষয়াসকলে প্ৰায় ৫০০ তকৈও অধিক গছপুলি ৰোপণ কৰে। স্থানীয় প্ৰজাতিৰ গছ যেনে – শাল, শিলিখা, ভোমোৰা, আমলখি, কঁঠাল, এজাৰ, আদি গছ ৰোপণ কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ লগতে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধক্ষ্য ডাঃ নোমল মমিনকে ধৰি কেইবাজনো মন্ত্রী, সাংসদ, বিধায়ক, ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা তথা পৰিষদৰ কাৰ্যবাহী সদস্যসকল, জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু স্থানীয় ৰাইজকে ধৰি শিক্ষার্থীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই এই অনুষ্ঠানটোতে ‘প্রাকৃতিক কৃষি দিশত এখোজ' শীর্ষক এখন সহায়ক পুথি আৰু এখন পুস্তিকাও উন্মোচন কৰে।
আনুসংগিক বাতৰি
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1