মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক            এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ            এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং            গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল            ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ           

Jun 08, 2023
8:05PM

ভূপালত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ প্ৰস্তুতিৰ সন্দৰ্ভত বৈঠক অনুষ্ঠিত

File Photo
কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে আজি ভূপালৰ ৰাজভৱনত মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগু ভাই পেটেলক সাক্ষাৎ কৰে। ৰাজ্যপালগৰাকীৰ সৈতে এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এখন সুস্থ সবল ভাৰতৰ দৃষ্টিভংগী সাৰোগত কৰি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোচনা কৰে। দেশৰ সকলো প্ৰান্তৰ লগতে মধ্য প্ৰদেশৰ জনসাধাৰণৰ মাজতো যোগক জনপ্ৰিয় কৰাৰ উপায়ৰ বিষয়েও দুয়োগৰাকী নেতাই চৰ্চা কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মধ্য প্ৰদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানৰ সৈতে বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই এই বৈঠকত ২১ জুনত জবলপুৰত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ প্ৰস্তুতিৰ বিভিন্ন দিশ সম্পর্কে আলোচনা কৰে। ইয়াৰ লগতে আয়ুষ ঔষধ প্ৰণালী শ্ৰীবৃদ্ধিৰে ৰাজ্যখনৰ স্বাস্থ্যসেৱাক অধিক শক্তিশালী কৰাৰ বিষয়েও দুয়োগৰাকী নেতাই মত বিনিময় কৰে। আনহাতে, শিৱৰাজ সিং চৌহান আৰু সৰ্বানন্দ সোণোৱালে গছপুলি ৰোপণ কাৰ্যসূচীতো অংশগ্রহণ কৰে। উল্লেখযোগ্য যে অহা ২১ জুনত যোগ দিৱসৰ দিনা কেন্দ্ৰীয় প্রতিৰক্ষা মন্ত্ৰ্যালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ্যালয়ৰ সহযোগত যোগৰ এটা মহাসাগৰীয় ৰিং সৃষ্টি কৰা হ'ব আৰু বহু বন্দৰত যোগ প্ৰদৰ্শন কৰা হ'ব। আই এন এছ বিক্ৰান্ত আৰু আই এন এছ বিক্রমাদিত্যৰ ফ্লাইট ডেকসমূহো যোগ প্ৰদৰ্শনৰ অংশীদাৰ হ'ব। আৰ্কটিকৰ ভাৰতীয় গৱেষণাস্থলী হিমাদ্ৰী আৰু এণ্টাকাটিকাস্থিত ভাৰতীয় তৃতীয় গবেষণাস্থলী ভাৰতীতো যোগ প্রদর্শন কৰা হ'ব। এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী ভাৰতমালাত ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, উপকূলৰক্ষী বাহিনী আৰু সীমান্ত পথ সংস্থাইও অংশগ্রহণ কৰিব। তদুপৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু আয়ুষ - এই দুয়োটা মন্ত্ৰ্যালয়ৰ ডেৰ লাখতকৈও অধিক স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ লগতে সকলো অমৃত সৰোবৰত যোগ প্ৰদৰ্শন কৰা হ'ব।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1