মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক            এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ            এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং            গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল            ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ           

Jun 08, 2023
7:59PM

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ দশম সৰ্বাধিক ব্যস্ত বিমানবন্দৰ হিচাপে স্বীকৃতি লাভ

AIR
বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে দেশৰ দশম সৰ্বাধিক ব্যস্ত বিমানবন্দৰ হিচাপে স্বীকৃতি লাভ কৰাটোৱে বিমানবন্দৰটোৰ অধিক সম্ভাৱনা থকাৰ কথাটোকে প্ৰতিফলিত কৰে বুলি পর্যটনমন্ত্রী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। আজি বৰঝাৰ বিমানবন্দৰত উত্তৰ-পূব ভাৰতৰ পৰ্যটন উদ্যোগ গঢ়ি তোলাৰ প্ৰক্ৰিয়াত বিমানবন্দৰৰ ভূমিকা শীর্ষক দিনজোৰা আলোচনাৰ অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, বিমান পৰিবহনে বিভিন্ন স্থানৰ লোকৰ সাংস্কৃতিক আদান-প্ৰদানত সহায় কৰাৰ লগতে পৰ্যটন উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰত অৰিহণা যোগায়। অনাগত দিনত বিমানবন্দৰটোক অত্যাধুনিক ৰূপ প্ৰদান কৰি আঞ্চলিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। তেওঁ কয় যে, ৰাজ্য চৰকাৰে গুৱাহাটী বিমানবন্দৰৰ সৈতে অবিৰত আৰু পোনপটীয়া বহিঃৰাজ্যৰ সংযোগ বিকশিত কৰিবলৈ বিচাৰে। ইয়াৰ দ্বাৰা অনাগত দিনত ৰাজ্যৰ পৰ্যটন উদ্যোগৰ বিকাশ নিশ্চিত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1