মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক            এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ            এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং            গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল            ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ           

Jun 08, 2023
7:56PM

আৰ বি আইৰ দ্বিতীয়টো দ্বিমাসিক মুদ্রা নীতি ঘোষণা, ঘাই গাই সুদৰ হাৰ অপৰিৱৰ্তিত

@RBI
ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আয়ে আজি চলিত বিত্তীয় বৰ্ষৰ বাবে দ্বিতীয়টো দ্বিমাসিক মুদ্রা নীতি ঘোষণা কৰিছে। আৰ বি আয়ে ঘাই ঘাই সুদৰ হাৰসমূহ অপৰিৱৰ্তিত আছে।
মুদ্রা নীতি সমীক্ষাৰ কথা ঘোষণা কৰি আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে, মুদ্রা নীতি কমিটীয়ে ৰেপ'ৰেট অর্থাৎ আৰ বি আয়ে বেংকসমূহক প্ৰদান কৰা সুদৰ হাৰ ৫.৬ শতাংশ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে, উপভোক্তা মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতিৰ হাৰ মাৰ্চ-এপ্রিল মাহত হ্রাস পাইছে। চলিত বিত্তীয় বৰ্ষত মুদ্রাস্ফীতিৰ হাৰ ৪ শতাংশৰ অধিক হৈ থকাৰ সম্ভাৱনা আছে বুলি তেওঁ প্ৰকাশ কৰে। আৰ বি আইৰ গৱনৰগৰাকীয়ে কয় যে, সকলো কাৰকৰ মূল্যায়ন আৰু বাৰিষা কালৰ স্বাভাৱিক বৰষুণৰ সম্ভাৱনালৈ চাই ২০২৩-২৪ বৰ্ষত মুদ্রাস্ফীতিৰ হাৰ ৫.১ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে।
দুহেজাৰ টকীয়া নোট প্ৰত্যাহাৰৰ কথা উল্লেখ কৰি শ্ৰী দাসে কয় যে, নোট প্ৰত্যাহাৰৰ সিদ্ধান্ত ৩ সপ্তাহৰ পাছত দুহেজাৰ টকীয়া নোটৰ প্ৰচলন হ্ৰাস পাইছে আৰু চৰকাৰৰ খৰচ বৃদ্ধিৰ ফলত নগদ ধনৰ প্ৰৱাহো বৃদ্ধি পাইছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1