মুখ্য বাতৰি
কেৱল ঔদ্যোগিক উন্নয়ন আৰু সমাজৰ দৰিদ্ৰ লোক সকলক বাদ দি দেশ কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰেঃ গৃহমন্ত্রী            স্বৰ্গদেউ চ্যুকাফাৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি অসম দিৱস উদযাপন            কৃত্রিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তিয়ে জীৱনটো সহজ কৰি তুলিব পাৰি যদিও একে সময়তে ই দিপ ফেকৰ দৰে সামাজিক ভাবুকিৰ সৃষ্টি কৰিছেঃ ৰাষ্ট্ৰপতি মুৰ্মু            COP-28 শীৰ্ষ সন্মিলনৰ মাজতে ধাৰাবাহিকভাৱে বিশ্বৰ অন্যান্য নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী মোদী            ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ লগতে ভাৰতৰ গোলকীয় সন্মান আৰু বিশ্বাস যোগ্যতা যোৱা কিছুবছৰত যথেষ্ট বৃদ্ধি পাইছেঃ উপ-ৰাষ্ট্ৰপতি           

Feb 09, 2023
7:32PM

উত্তৰ-পূবৰ বাবে বাজেটত অভিলেখ পৰিমাণৰ ধন আৱণ্টন দিয়া হৈছেঃ অনুৰাগ সিং ঠাকুৰ

AIR
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কৈছে যে এইবাৰৰ জনকেন্দ্ৰিক বাজেটে দেশৰ অৰ্থব্যৱস্থাৰ বিকাশ ত্বৰান্বিত কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি সেৱা বিভাগৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উৎকৃষ্ট বাজেট দাখিল কৰিছে আৰু বাজেটত মূলধনী ব্যয়ৰ বাবে ১০ লাখ কোটি টকা আছুতীয়াকৈ ৰখা হৈছে। ইয়াৰ ফলত দেশত কর্মসংস্থাপনৰ সুবিধাৰ সৃষ্টি হ'ব। ৰে'লৱে, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু জনজাতীয় সম্প্ৰদায়ৰ সৈতে জড়িত বিষয় সন্দৰ্ভত মত প্রকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই খণ্ডৰ বাবে ২ লাখ ৪০ হাজাৰ কোটি টকা আৱণ্টন দিয়া হৈছে। আৱণ্টিত ধনৰ এই পৰিমাণ ভাৰতীয় ৰে'লৱেৰ ইতিহাসত সৰ্বাধিক আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবদ এতিয়ালৈকে আৱণ্টন দিয়া ধনৰ ভিতৰত আটাইতকৈ অধিক বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উত্তৰ-পূব সন্দৰ্ভত শ্রী ঠাকুৰে কয় যে এইবাৰৰ বাজেটত অঞ্চলটোৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে অভিলেখ পৰিমাণৰ ধন আৱণ্টন দিয়া হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৰে'ল আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ সামগ্রিক উন্নয়নৰ বাবে পৰ্যাপ্ত ধন আৱণ্টন দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1