মুখ্য বাতৰি
পশ্চিমবংগত ৭ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ মোদীৰ            নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্র্যালয়ৰ ৩৯,১২৫ কোটিৰো অধিক টকাৰ ৫খন মূলধনী ক্রয় চুক্তিত স্বাক্ষৰ            নাৰী সবলীকৰণৰ দিশত ভাৰতবৰ্ষই বিশ্বত আৰ্হি প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছেঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু            ঝাৰখণ্ডত ৩৫,৭০০ কোটি টকা ব্যয়সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ            বৰাক উপত্যকাত ২,০৮৯ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ           

Feb 04, 2023
6:59PM

বাজেটত উত্তৰ-পূৱ সীমান্ত ৰে'লৱলৈ মুঠ ১০ হাজাৰ ৯৮৮ কোটি টকা আৱণ্টন

File Photo
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত অলপতে দাখিল কৰা বাজেটৰ ৰে'ল শিতানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বাবে আৱণ্টিত পুঁজি পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাইছে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱলৈ মুঠ ১০ হাজাৰ ৯৮৮ কোটি টকা আৱণ্টন দিয়া হৈছে। এই ধন পূৰ্বৰ বছৰতকৈ ১৩.৭-৫ শতাংশ বেছি। আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে ৰে’ল শিতানত ১০ হাজাৰ ২৬৯ কোটি টকা ধাৰ্য কৰা হৈছে। এই ধন পূৰ্বৰ বছৰতকৈ প্রায় ৩০০ কোটি টকা বেছি। কালি ২০২৩-২৪ বৰ্ষৰ ৰে'ল বাজেট সন্দৰ্ভত নতুন দিল্লীৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদ মাধ্যমৰ কৰ্মীসকলৰ সৈতে হোৱা বাৰ্তালাপত ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এইকথা প্ৰকাশ কৰে। ৰে’লমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে ৰে'লৰ আন্তঃগাঁথনিৰ সামগ্ৰীক উন্নয়নৰ বাবে পৰ্যাপ্ত পুঁজিৰ আৱণ্টন দিয়া হৈছে। প্ৰথমবাৰৰ বাবে পাহাৰীয়া আৰু সীমান্ত অঞ্চলসমূহক সংযোগ কৰাৰ বাবে বাজেটত ১.২ লাখ টকা ধাৰ্য কৰা হৈছে। বাজেটত আৱণ্টিত ধনেৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৫৯ টা ষ্টেচন বিশ্বমানৰ ষ্টেচন হিচাপে গঢ়ি তোলা হ'ব বুলিও ৰে'লমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1