মুখ্য বাতৰি
ওড়িশাৰ ৰেল দুৰ্ঘটনাৰ চি বি আই তদন্ত ঘোষণা            ওড়িশাৰ বাহানাগা ৰেল দুৰ্ঘটনাস্থলীত যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ কাৰ্য চলি আছে; বুধবাৰৰ পৰা ৰেলপথছোৱাৰে পুনৰ ৰেল চলাচলৰ আশাঃ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ            কাইলৈ মঙলদৈ বাইপাছৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে            ওড়িশাৰ ৰেল দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসা সন্দৰ্ভত প্ৰধানমন্ত্রীৰ সৈতে মুখ্যমন্ত্রী নবীন পাটনায়কৰ বাৰ্তালাপ            হায়দৰাবাদত তৃতীয় জি-টুৱেন্টি স্বাস্থ্য কার্যগোটৰ বৈঠক আৰম্ভ           

Feb 02, 2023
6:58PM

সাধাৰণ বাজেটক প্রগতিশীল, পৰিণামদর্শী আৰু বিকাশমুখী আখ্যা বিনিয়োগকাৰীৰ

AIR
আগশাৰীৰ ঔদ্যোগিক নিকায় আৰু বিনিয়োগকাৰীসকলে ২০২৩-২৪ বৰ্ষৰ সাধাৰণ বাজেটক প্রগতিশীল, পৰিণামদর্শী আৰু বিকাশমুখী বুলি আখ্যা দি ইয়াক আদৰণি জনাইছে। ফিক্কী- এফ আই চি চি আইৰ অধ্যক্ষ সুভ্রকান্ত পাণ্ডাই কৈছে যে ভাৰত হৈছে বিশ্বৰ পঞ্চম বৃহৎ অর্থনৈতিক দেশ। এই বাজেটখন কেৱল দেশৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, বৰঞ্চ ই ভাৰতক বিশ্বৰ বিকাশৰ ইঞ্জিনৰ দিশ হিচাপে আগবঢ়াই নিয়াৰ পদক্ষেপ স্বৰূপ। চি আই আইৰ অধ্যক্ষ সঞ্জীৱ বাজাজে বাজেটখনক বিকাশমুখী বুলি অভিহিত কৰিছে। তেওঁ কয় যে, ইয়াৰদ্বাৰা সাৰ্বজনীন পুঁজিগত ব্যয়ত ৩৩ শতাংশ বৃদ্ধিৰ দ্বাৰা কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সহায়ক হ'ব। Assocham ৰ অধ্যক্ষ সুমন্ত সিনহাই কয় যে এই বাজেটে সুগমভাৱে বেপাৰ-বাণিজ্য কৰাত সহায় কৰাৰ লগতে Assocham ৰ ক্ষেত্ৰখনক সহায় কৰিব। আনহাতে, কংগ্ৰেছে কৰ কৰ্তন সন্দৰ্ভত কৰা ঘোষণাক প্ৰশংসা কৰিছে। সংসদৰ বাহিৰত মিডিয়াৰ সৈতে হোৱা কথা-বতৰাত দলৰ সাংসদ কার্তি চিদাম্বৰমে কয় যে কৰ কৰ্তনৰ যিকোনো পদক্ষেপ আদৰণীৰ যোগ্য। দলৰ সাংসদ শশী থাকৰেও কেন্দ্ৰীয় বাজেটৰ কিছুমান বিষয় ভাল বুলি মন্তব্য কৰিছে। তেওঁ অৱশ্যে কৈছে যে বাজেটত এম জি এনৰেগা, কর্মসংস্থাপন হীনতা আৰু মুদ্রাস্ফীতি সন্দৰ্ভত একো উল্লেখ কৰা হোৱা নাই। কালি সংসদত উত্থাপন কৰা বাজেট সন্দৰ্ভত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে সকলো চৰকাৰী সংস্থাত ডিজিটেল প্ৰণালী প্রয়োগৰ বাবে পেন কাৰ্ড ব্যৱহাৰৰ প্ৰস্তাৱ লোৱা হৈছে। ইয়াৰদ্বাৰা কে ওৱাই চি প্ৰক্ৰিয়া সৰল হোৱাৰ লগতে আয়কৰ বিভাগৰ লগতে অন্য চৰকাৰী সংস্থাৰ বাবে পেন কাৰ্ড ধাৰকসকলৰ নথি পৰিচালনা কৰাত সহজলভ্য হ'ব। চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ব্যয় ৬৬ শতাংশ বৃদ্ধি কৰি ৭৯ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰিছে। ইফালে, নতুনকৈ নিৰ্মাণ কৰা আন্তঃগাঁথনি বিত্ত সচিবালয়ে ৰাজহুৱা বিনিয়োগৰ ওপৰত নিৰ্ভৰশীল ৰে'লৱে, বাট-পথ, চহৰৰ আন্তঃগাঁথনি আৰু শক্তিৰ উন্নয়নত অৰিহণা যোগাব ।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1