মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক            এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ            এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং            গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল            ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ           

Feb 02, 2023
6:29PM

চলিত বৰ্ষটো কণীধান বর্ষ হিচাপে উদযাপন কৰিবলৈ সাজু অসম চৰকাৰ

AIR tweeter
ৰাষ্ট্ৰসংঘই ২০২৩ বৰ্ষক আন্তঃৰাষ্ট্ৰীয় কণীধান বৰ্ষ হিচাপে ঘোষণা কৰাৰ পাছত অসম চৰকাৰেও চলিত বৰ্ষটোত কণীধান বর্ষ হিচাপে উদযাপন কৰিবলৈ সাজু হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। জনতা ভৱনৰ প্ৰৱেশ পথত কালি মিলেট কেফে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া ভাষণত তেওঁ এই বিষয়ে প্ৰকাশ কৰে। মিলেট অর্থাৎ বজৰা বা কণীধানৰ পৰা প্ৰস্তুত কৰা খাদ্য সামগ্ৰীৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে এই মিলেট কেফেৰ শুভাৰম্ভ কৰা হয়। অসম চৰকাৰে যোৱা বছৰৰ পৰা ২০২৯ চনলৈ ৭ বছৰৰ ভিতৰত অসম মিলেট অভিযান ৰূপায়ণৰ বাবে যোৱা বছৰৰ ১৬ নৱেম্বৰত এই অভিযানৰ শুভাৰম্ভ কৰে। ইতিমধ্যে অভিযানৰ অধীনত ক্ষেত্রভিত্তিক কাম-কাজ আৰম্ভ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যখনত কণীধানৰ ঘৰুৱা ব্যৱহাৰ বৃদ্ধি কৰা, ইয়াৰ প্ৰ-সংস্কৰণ উদ্যোগ প্ৰসাৰণ কৰা, কণীধান জাতীয় শস্যৰ উৎপাদন বৃদ্ধি আদিকে ধৰি কেইবাটাও লক্ষ্য লৈ অসম মিলেট মিছনে এই অভিযান ৰূপায়ণ কৰিছে। সম্প্ৰতি ৰাজ্যখনত তিনি প্ৰকাৰৰ কণীধানৰ খেতি কৰা হৈছে বুলি উল্লেখ কৰি ড° শৰ্মাই কয় যে, ৰাজ্যখনৰ ছহেজাৰ হেক্টৰ ভূমিতহে এনে শস্যৰ খেতি কৰা হয়। দেশত কণীধানৰ গড় উৎপাদনশীলতা প্রতি হেক্টৰত এহেজাৰ ২০০ কিলোগ্ৰামৰ বিপৰীতে অসমত ইয়াৰ উৎপাদনশীলতা প্রতি হেক্টৰত প্ৰায় ৬০০ কিলোগ্রাম বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে, জি-২০ সন্মিলনৰ সময়তো অতিথিসকলক কণীধান জাতীয় সামগ্ৰীৰ পৰা প্ৰস্তুত কৰা খাদ্য পৰিৱেশন কৰা হ'ব। অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, হস্ততাঁত আৰু বস্ত্র মন্ত্রী ইউ জি ব্রহ্ম, চাহ জনজাতি কল্যাণ মন্ত্রী সঞ্জয় কিষাণকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1