মুখ্য বাতৰি
ওড়িশাৰ ৰেল দুৰ্ঘটনাৰ চি বি আই তদন্ত ঘোষণা            ওড়িশাৰ বাহানাগা ৰেল দুৰ্ঘটনাস্থলীত যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ কাৰ্য চলি আছে; বুধবাৰৰ পৰা ৰেলপথছোৱাৰে পুনৰ ৰেল চলাচলৰ আশাঃ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ            কাইলৈ মঙলদৈ বাইপাছৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে            ওড়িশাৰ ৰেল দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসা সন্দৰ্ভত প্ৰধানমন্ত্রীৰ সৈতে মুখ্যমন্ত্রী নবীন পাটনায়কৰ বাৰ্তালাপ            হায়দৰাবাদত তৃতীয় জি-টুৱেন্টি স্বাস্থ্য কার্যগোটৰ বৈঠক আৰম্ভ           

Feb 02, 2023
6:18PM

২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত ১০ লাখ কোটি টকাৰ মূলধনী বিনিয়োগৰ ঘোষণা

File Photo
কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে, এইবাৰৰ সাধাৰণ বাজেটত মহিলা সৱলীকৰণ, পৰ্যটন খণ্ডৰ প্ৰসাৰ, যুৱ প্ৰজন্মৰ বাবে প্ৰশিক্ষণ, দুৰ্বল শ্ৰেণীসমূহৰ সৱলীকৰণ আৰু সেউজ বিকাশত গুৰুত্ব আৰোপ কৰা হৈছে। সংসদত বাজেট উত্থাপন কৰাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী সীতাৰমনে কয় যে, বাজেটত ১০ লাখ কোটি টকাৰ মূলধনী বিনিয়োগৰ ঘোষণা কৰা হৈছে। ইয়াৰে ভিতৰত ১ লাখ ৩০ হাজাৰ কোটি টকা ৰাজ্যসমূহক দিয়া হব বুলি শ্ৰীমতী সীতাৰৰ্মনে কয়। তেওঁ কয় যে, বাজেটত অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। চৰকাৰে এই খণ্ডৰ বাবে জৰীকালীন ঋণ নিশ্চিতকৰণ আঁচনিৰ সম্প্ৰসাৰণ কৰিছে বুলি শ্ৰীমতী সীতাৰৰ্মনে প্ৰকাশ কৰে। তেওঁ কয় যে বাজেটত কৃষি ঋণৰ বাবে ২০ লাখ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছে। 

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1