A-
A
A+
সৰ্বশেষ :
Jun 4 2023 9:33PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
ওড়িশাৰ ৰেল দুৰ্ঘটনাৰ চি বি আই তদন্ত ঘোষণা
          
ওড়িশাৰ বাহানাগা ৰেল দুৰ্ঘটনাস্থলীত যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ কাৰ্য চলি আছে; বুধবাৰৰ পৰা ৰেলপথছোৱাৰে পুনৰ ৰেল চলাচলৰ আশাঃ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ
          
কাইলৈ মঙলদৈ বাইপাছৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে
          
ওড়িশাৰ ৰেল দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসা সন্দৰ্ভত প্ৰধানমন্ত্রীৰ সৈতে মুখ্যমন্ত্রী নবীন পাটনায়কৰ বাৰ্তালাপ
          
হায়দৰাবাদত তৃতীয় জি-টুৱেন্টি স্বাস্থ্য কার্যগোটৰ বৈঠক আৰম্ভ
          
Feb 02, 2023
,
6:17PM
২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটক অমৃত কালৰ প্ৰথম বাজেট বুলি অভিহিত প্ৰধানমন্ত্ৰীৰ
File Photo
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটক অমৃত কালৰ প্ৰথম বাজেট বুলি অভিহিত কৰি কৈছে যে, এই বাজেটে উন্নত ভাৰতৰ আশা আকাংক্ষা আৰু সংকল্প পূৰণৰ বাবে শক্তিশালী ভেটি গঢ়ি তুলিছে। সংসদত বাজেট উত্থাপন কৰা পাছত দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে বাজেটত বঞ্চিত তথা নিপীড়িতসকলক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে আৰু সমাজ, গ্ৰামাঞ্চল, দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ সপোন পূৰণৰ প্ৰয়াস কৰা হৈছে। তেওঁ লগতে এখন ঐতিহাসিক বাজেট উত্থাপন কৰাৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী আৰু তেওঁৰ দলক অভিনন্দন জনায়। প্রধানমন্ত্ৰীয়ে কয় যে, এইবাৰৰ বাজেটে সমবায় সমিতিসমূহক গ্ৰামাঞ্চলৰ অৰ্থব্যৱস্থাৰ বিকাশৰ ভেটিৰূপে গঢ়ি তুলিব। তেওঁ কয় যে চৰকাৰে সমবায় খণ্ডত বিশ্বৰ সবাতোকৈ বৃহৎ খাদ্য ভাণ্ডাৰ আঁচনি প্ৰস্তুত কৰি উলিয়াইছে। বাজেটত নতুন প্রাথমিক সমবায় সমিতি গঠনৰ বাবে অভিলাসী আঁচনি ঘোষণা কৰা হৈছে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ ফলত দুগ্ধ আৰু মৎস্য উৎপাদন খণ্ডৰ সম্প্ৰসাৰণ হ'ব আৰু খেতিয়ক, পশুপালক আৰু মাছুৱৈসকলে নিজৰ সামগ্ৰীৰ উচিত মূল্য লাভ কৰিবলৈ সমৰ্থ হ'ব। ডিজিটীয় ধনাদায় ব্যৱস্থা সন্দৰ্ভত মত প্রকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বাজেটত ডিজিটীয় কৃষি আন্তঃগাঠনিৰ বাবে বৃহৎ পৰিকল্পনা অন্তৰ্ভুক্ত কৰা হৈছে। শ্রীমোদীয়ে কয় যে, আন্তঃগাঠনি খণ্ডত ১০ লাখ কোটি টকাৰ অভূতপূৰ্ব বিনিয়োগে দেশৰ বিকাশ প্ৰক্ৰিয়াত নতুন গতি প্ৰদান কৰিব। এই বিনিয়োগৰ ফলত যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ'ব বুলি প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ২০১৪ চনৰ তুলনাত আন্তঃগাঠনি খণ্ডত বিনিয়োগৰ পৰিমাণ ৪ শ শতাংশ বৃদ্ধি পাইছে। প্রধানমন্ত্রীয়ে কয় যে, এইবাৰৰ বাজেটে বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ বিকাশ, সেউজ অৰ্থব্যৱস্থা আৰু সেউজ আন্তঃগাঠনি খণ্ডৰ অভূতপূৰ্ব সম্প্ৰসাৰণৰ পথ প্ৰশষ্ঠ কৰিব।
আনুসংগিক বাতৰি
বাজেটত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লগতে চাহ বাগিচাৰ শ্ৰমিকৰ উন্নয়নৰ বাবে পুঁজি আবণ্টন
বাজেটত ৰে’ল বিভাগৰ বাবে ১,১০,০০০ হাজাৰ কোটি টকাৰ আৱণ্টন
বাজেটত উত্তৰ-পূৱ সীমান্ত ৰে'লৱলৈ মুঠ ১০ হাজাৰ ৯৮৮ কোটি টকা আৱণ্টন
সংসদত আজি ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট উত্থাপন
মধ্যবিত্তক সামান্য সকাহেৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন
২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত ১০ লাখ কোটি টকাৰ মূলধনী বিনিয়োগৰ ঘোষণা
সাধাৰণ বাজেটক প্রগতিশীল, পৰিণামদর্শী আৰু বিকাশমুখী আখ্যা বিনিয়োগকাৰীৰ
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1