মুখ্য বাতৰি
ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ            খানাপাৰাত স্থাপন কৰা সোণালী ৰেচম উদ্যান আৰু বাণিজ্যিক কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ            স্বচ্ছ ভাৰত অভিযানলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্রীয় শাসিত অঞ্চলৰ বাসিন্দাসকলক প্ৰশংসা প্রধানমন্ত্ৰীৰ            শিলিগুৰিত আজিৰে পৰা ৩দিনীয়া কাৰ্যসূচীৰে জি-২০ পৰ্যটন কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক            গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত জি-২০ দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কাৰ্যগোটৰ প্রথমলানি বৈঠক           

Feb 02, 2023
6:19PM

মধ্যবিত্তক সামান্য সকাহেৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন

File Photo
কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কালি সংসদত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে সাধাৰণ বাজেট উত্থাপন কৰে। বিত্তমন্ত্ৰীয়ে বাজেটত সীমা শুল্কৰ বৃদ্ধি বা হ্ৰাসৰ অৰ্থে দিয়া প্ৰস্তাৱৰ বাবে ভালেমান সামগ্ৰীৰ মূল্য প্ৰভাৱিত হ'ব। মূল্য বৃদ্ধি হোৱা সামগ্ৰীসমূহৰ ভিতৰত সোণৰ পৰা নিৰ্মিত সামগ্ৰী, ৰান্ধনিশালত ব্যৱহৃত বৈদ্যুতিন চিমনি, পৰীক্ষাগাৰত নির্মিত হীৰা, ৰূপৰ বাচন-বৰ্তন আৰু আ-অলংকাৰ, তামৰ সামগ্ৰী, বি-মিশ্ৰিত ৰবৰ, ৰেডিমেড কাপোৰ আৰু ছিগাৰেট অন্যতম। ইয়াৰ বিপৰীতে মূল্য হ্ৰাস পাবলগীয়া সামগ্ৰীসমূহৰ ভিতৰত, কেমেৰাৰ লেন্স, ম'বাইল ফোন, টিভিৰ যন্ত্রাংশ, লিথিয়াম আয়ন বেটাৰী প্ৰস্তুত কৰাৰ বাবে ব্যৱহৃত যন্ত্ৰ আৰু বৈদ্যুতিন বাহন উদ্যোগৰ বাবে কেঁচা সামগ্রী আছে।
এইবাৰৰ সাধাৰণ বাজেটত গৃহ মন্ত্ৰালয়ৰ বাবে ১ লাখ ৯৬ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে। জম্মু-কাশ্মীৰ আৰু লাডাখৰ বাবে ৪১ হাজাৰ ৫৩৯ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। একেদৰে দিল্লী আৰক্ষীৰ বাবে ১১ হাজাৰ ৯৩২ কোটি টকা আৱণ্টন দিয়া হৈছে।
বাজেটত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বাবে ৫ লাখ ৯৪ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে। ধাৰ্য কৰা ধনৰ এই পৰিমাণ মুঠ বাজেটৰ ১৩.১-৮ % প্ৰতিৰক্ষা শিতানত এই বেলি যোৱাবাৰৰ তুলনাত ১৩ শতাংশৰো অধিক ধন আৱণ্টন দিয়া হৈছে। ইয়াৰে ভিতৰত ১ লাখ ৩৮ হাজাৰ কোটি টকা প্ৰতিৰক্ষা কৰ্মীসকলৰ পেন্সনৰ বাবদ ধাৰ্য কৰা হৈছে। আধুনিকীকৰণ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ১ লাখ ৬২ হাজাৰ কোটি টকাৰ মূলধনী ব্যয় ধার্য কৰা হৈছে। ধনৰ এই পৰিমাণ ২০১৯-২১ বৰ্ষৰে পৰা ৯৭ শতাংশ বৃদ্ধি কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ২০২৩-২৪ বৰ্ষৰ সাধাৰণ বাজেটক বিকাশমুখী বাজেট বুলি অভিহিত কৰিছে। বাজেটে কেইটামান বছৰৰ ভিতৰত ভাৰতীয় অর্থ ব্যৱস্থাৰ পৰিধি ৫ লাখ কোটি ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব বুলি শ্রীসিঙে উল্লেখ কৰে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1