মুখ্য বাতৰি
ওড়িশাৰ ৰেল দুৰ্ঘটনাৰ চি বি আই তদন্ত ঘোষণা            ওড়িশাৰ বাহানাগা ৰেল দুৰ্ঘটনাস্থলীত যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ কাৰ্য চলি আছে; বুধবাৰৰ পৰা ৰেলপথছোৱাৰে পুনৰ ৰেল চলাচলৰ আশাঃ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ            কাইলৈ মঙলদৈ বাইপাছৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে            ওড়িশাৰ ৰেল দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসা সন্দৰ্ভত প্ৰধানমন্ত্রীৰ সৈতে মুখ্যমন্ত্রী নবীন পাটনায়কৰ বাৰ্তালাপ            হায়দৰাবাদত তৃতীয় জি-টুৱেন্টি স্বাস্থ্য কার্যগোটৰ বৈঠক আৰম্ভ           

Feb 01, 2023
6:08PM

সংসদত আজি ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট উত্থাপন

AIR
কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি সংসদত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট উত্থাপন কৰে। বাজেট দাখিল কৰি দিয়া ভাষণত বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে সাম্প্ৰতিক প্ৰত্যাহ্বানমূলক সময়ৰ মাজতো দেশৰ অৰ্থনীতি সঠিক পথত গতি কৰাৰ লগতে উজ্বল ভৱিষ্যতৰ দিশে আগবাঢ়িছে। চলিত বিত্তীয় বৰ্ষৰ অৰ্থনীতি বিকাশৰ হাৰ ৭শতাংশ নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে বৰ্তমান চৰকাৰৰ অন্তিমখন বাজেট হিচাপে পৰিগণিত হোৱা এই বাজেট অমৃত কালৰ প্ৰথমখন বাজেট বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে শক্তিশালী ৰাজহুৱা বিত্ত যোগান ব্যৱস্থাৰ জৰিয়তে ইয়াত অমৃত কালৰ প্ৰযুক্তিচালিত আৰু জ্ঞানভিত্তিক দৃষ্টিভংগীক প্ৰতিফলিত কৰা হৈছে।
দেশৰ মূলধনী বিনিয়োগৰ হাৰ ৩৩ শতাংশ বৃদ্ধি কৰি ১০ লাখ কোটি টকা নিৰ্ধাৰণ কৰা বুলি ঘোষণা কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে এই পৰিমাণ হ'ব মুঠ ঘৰুৱা উৎপাদনৰ ৩ দশমিক ৩ শতাংশ। আনহাতে, বিনিয়োগ খণ্ডৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহলৈ ৫০ বছৰলৈ আগবঢ়োৱা সুত বিহিন ঋণৰ ব্যৱস্থা আৰু এবছৰৰ বাবে অব্যাহত ৰাখিবলৈকো সিদ্ধান্ত লোৱা হৈছে। আনহাতে, গ্ৰামাঞ্চলৰ যুৱ উদ্যমীসকলৰ কৃষিভিত্তিক ষ্টার্ট আপ প্রতিষ্ঠানসমূহক উচ্ছাহিত কৰিব পৰাকৈ অতিৰিক্ত পুঁজি গঠন কৰাৰ লগতে ভাৰতক শ্রী অন্নৰ গোলকীয় কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে হায়দাবাদত Indian Institute of Millet Research অর্থাৎ ভাৰতীয় কণীধান গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে। একেদৰে, পশুপালন, দুগ্ধ উৎপাদন আৰু মস্য পালনৰ ব্যৱস্থা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কৃষি ঋণৰ লক্ষ্য ২০লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
এইবাৰ বাজেটত ৰে'ল বিভাগৰ বাবে ২.৪-০ লাখ কোটি টকা ধাৰ্য্য কৰা হৈছে। তদুপৰি বাজেটত বছৰি সাত লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা লোকসকলক কৰৰ পৰা ৰেহাই দিয়াৰ লগতে অগ্নিবীৰসকলে লাভ কৰা পাৰিশ্ৰমিকৰ ক্ষেত্ৰতো কৰ ৰেহাই ব্যৱস্থা কৰা হৈছে। আনহাতে, ২০১৪ চনৰ পৰা স্থাপন কৰা বৰ্তমানৰ ১৫৭খন চিকিৎসা মহাবিদ্যালয়ৰ লগতে আন ১৫৭খন নাৰ্চি মহাবিদ্যালয়ৰ স্থাপনৰ বাবেও বাজেটত প্ৰস্তাৱ কৰা হৈছে। জ্যেষ্ঠ নাগৰিকসকলৰ সঞ্চয় আঁচনিৰ বাবে নিৰ্ধাৰিত পুঁজিৰ উচ্চ সীমা ১৫ লাখ টকাৰ পৰা ৩০ লাখ টকা ধার্য কৰা হৈছে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1