মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক            এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ            এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং            গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল            ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ           

Nov 27, 2022
6:22PM

চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছেঃ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ

@DrSJaishankar
বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ হকে কাম কৰি আছে। কালি ইম্ফলৰ মণিপুৰ বিশ্ববিদ্যালয়ত আয়োজিত ভাৰতৰ বৈদেশিক নীতি সম্পৰ্কীয় এটা মত বিনিময় অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। উত্তৰ-পূৰ্বাঞ্চলত যোগাযোগৰ উন্নয়নৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰি ড০ জয়শংকৰে কয় যে ইয়াৰ জৰিয়তে বিশাল বিশ্বলৈ দুৱাৰ মুকলি হোৱাৰ লগতে বিশ্ব বজাৰ আৰু কৰ্মক্ষেত্ৰত প্ৰৱেশৰ সুবিধা বাঢ়িব। 
        উল্লেখ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে ড০ জয়শংকৰ কালি মণিপুৰত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে ইম্ফলৰ ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1