A-
A
A+
সৰ্বশেষ :
Dec 7 2023 9:06PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
Bengali/বাংলা
হোম পে’জ
মুখ্য বাতৰি
দেশৰ অৰ্থনৈতিক পৰিস্থিতি সন্দৰ্ভত ৰাজ্যসভাত বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ প্ৰকাশ
          
ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক
          
ৰাজ্যৰ ৫৮গৰাকী প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান
          
সশস্ত্র বাহিনীৰ পতাকা দিৱসত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ভাষণ
          
শাসনৰ ক্ষেত্ৰত বিজেপি সর্বাধিক পচন্দৰ দল : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী
          
Nov 24, 2022
,
7:14PM
ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে পালন
File Photo (ANI)
আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। বিভিন্ন দল-সংগঠন, বিদ্যালয়-মহাবিদ্যালয়ে এই জয়ন্তী পালন কৰে। বাক্সা জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহতো বীৰ লাচিত বৰফুকনৰ জয়ন্তী পালন কৰা হয়। এই উপলক্ষে বিদ্যালয়সমূহত বীৰগৰাকীৰ প্ৰতিকৃতিত মাল্যার্পণ, শ্রদ্ধাঞ্জলি আদি অনুষ্ঠানৰ আয়োজন কৰা হয়। কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ ধৰ্মনলাৰ চুকাফা ভৱন চৌহদত বীৰগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। কাৰ্বি আংলং টাই আহোম কালচালে ছ'চাইটি আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত স্থাপন কৰা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি জিলা উপায়ুক্তগৰাকীয়ে উদ্বোধন কৰে। ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ মূল কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আহোম, মোগল, কোচ আৰু গুপ্ত সাম্রাজ্যত প্রচলিত বিৰল প্ৰাচীন মুদ্ৰাৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। একেদৰে জিলাখনৰ বিলাসীপাৰা মহকুমা প্রশাসন, পৌৰসভা আৰু জিলা ক্রীড়া সন্থাৰ উদ্যোগত লাচিত বৰফুকনৰ জয়ন্তী উপলক্ষে চহৰখনত পদযাত্রা উলিওৱা হয়। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত লাচিত দিৱসৰ কাৰ্যসূচীত জিলা আৰক্ষী প্ৰশাসনে চাৰি শতাধিক দৰিদ্ৰ লোকক কম্বল বিতৰণ কৰে। কামৰূপ জিলাৰ প্ৰশাসনৰ উদ্যোগত লাচিত দিৱস উপলক্ষে সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। মৰিগাঁৱত প্ৰকৃতি প্ৰেমী মঞ্চ অসমে লাচিত বৰফুকনৰ ওপজা দিনত সমাজৰ বিভিন্ন দিশত ওৰেটো জীৱন সেৱা আগবঢ়াই অহা ৭ গৰাকী ব্যক্তিক বঁটা প্ৰদান কৰে। শোণিতপুৰ জিলাৰ তেজপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত পালিত লাচিত বৰফুকনৰ জয়ন্তীত বিধায়ক পৃথ্বী ৰাজ ৰাভা, জিলা উপায়ুক্ত দেৱকুমাৰ মিশ্ৰকে ধৰি বিভিন্ন ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত মহাবীৰগৰাকীৰ কাপোৰত অঁকা এখন বিশাল চিত্র উন্মোচন তথা প্ৰদৰ্শন কৰা হয়। কেইবাগৰাকীও স্থানীয় চিত্র শিল্পীয়ে অংকন কৰা এই চিত্ৰখন চহৰৰ মাজেৰে বৈ যোৱা মৰা চাউলখোৱা নদীৰ দলঙৰ ওপৰত আঁৰি দিয়া হয়। শিৱসাগৰ জিলাৰ ৰংপুৰ প্ৰাচীন কৃতিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত শিৱসাগৰ নগৰৰ লাচিত উদ্যানত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰা হয়।
আনুসংগিক বাতৰি
দিল্লীত ২৩ আৰু ২৪ নৱেম্বৰত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী আয়োজন
লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা শীৰ্ষ গীত মুকলি
গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীত আয়োজিত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীত অংশগ্রহণ কৰিব
লাচিত দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ কাৰ্যসূচী আৰম্ভ
লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে সেনা নায়কগৰাকীৰ বিষয়ে ৰাজ্য চৰকাৰৰ লিখন কাৰ্যসূচী
লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ কাৰ্যসূচীৰ প্ৰতি ৰাইজৰ বিপুল সঁহাৰি
কাইলৈৰ পৰা তিনিদিনীয়াকৈ নতুন দিল্লীত আহোম ৰাজত্ব কালৰ মহান বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপন
লাচিত বৰফুকনৰ বিষয়ে ৰাইজৰ লিখন কাৰ্যসূচীৰ সময়সীমা আজি মাজ নিশা অন্ত পৰিব
তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে নতুন দিল্লীত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী আৰম্ভ
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1