মুখ্য বাতৰি
ডুন বিশ্ববিদ্যালয়ৰ তৃতীয় বাৰ্ষিক সমাৱৰ্তন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱৰ অংশগ্ৰহণ            প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীসকলক ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান            বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত আজি ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন            অসম মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত ৰণোজ পেগুৰ অংশগ্ৰহণ            বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ আজি আৰম্ভ           

Nov 24, 2022
7:09PM

লাচিত দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

File Photo
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাচিত দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয় যে অসমৰ আহোম যুগৰ মহান বীৰ সেনাপতি লাচিত বৰফুকনৰ এইবাৰ ৪০০ বছৰীয়া জয়ন্তী আৰু সেয়ে এইবাৰৰ লাচিত দিৱসৰ বিশেষ তাৎপর্য আছে। শ্ৰীমোদীয়ে কয় যে জন্মভূমিৰ প্ৰতি থকা প্ৰেম আৰু বীৰত্বই লাচিত বৰফুকনক সকলোৰে হৃদয়ত স্থান দি আহিছে।
        ইপিনে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদ্‌যাপন অনুষ্ঠানত অংশগ্রহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে গৃহ মন্ত্ৰীগৰাকীক বীৰ লাচিতৰ প্ৰতিমূৰ্তি আৰু হেংদানেৰে আদৰণি জনোৱা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়েও অংশগ্ৰহণ কৰে। অসম চৰকাৰে নতুন দিল্লীত তিনিদিনীয়াকৈ আয়োজন কৰা লাচিত দিৱস কালি আৰম্ভ হয়। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰত লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমক তুলি ধৰাৰ উদ্দেশ্যেই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাক অসমৰ বস্ত্ৰতাঁত মন্ত্রী ইউ জি ব্ৰহ্মই কয় যে লাচিত দিৱসৰ অনুষ্ঠানক কেন্দ্রীয় গৃহমন্ত্ৰীৰ অংশগ্রহণে বিশেষ মৰ্য্যাদা প্রদান কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ গৌৰৱময় ইতিহাসত আলোকপাত কৰাৰ লগতে বীৰ লাচিতৰ সাহস আৰু ত্যাগৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ লাচিত দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে, বীৰ লাচিতৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা লেখা কাৰ্য্যসূচীলৈ এই পৰ্য্যন্ত ৩৫ লাখৰো অধিক লেখা প্ৰেৰণ কৰা হৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1