মুখ্য বাতৰি
নাৰী শক্তি বন্দন অধিনিয়ম এখন সর্বাত্মক দৃষ্টিভংগীসম্পন্ন আইনঃ প্ৰধানমন্ত্ৰী মোদী            নতুন দিল্লীত অনুষ্ঠিত ‘এখন দেশ এটা নির্বাচন’ কমিটীৰ প্ৰথমখন বৈঠক            ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ, পৰ্যটন বিভাগৰ সৈতে ব্যক্তিগতখণ্ডৰ ৬টাকৈ প্রতিষ্ঠানৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ            চাইবাৰ সন্ত্রাসবাদ আৰু ক'লা ধন বৈধকৰণ ৰোধৰ বাবে গোলকীয় আইনী পৰিকাঠামো গঢ়িবলৈ আইনী বিশেষজ্ঞক আহ্বান মোদীৰ            কাইলৈ প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ ১০৫সংখ্যক খণ্ড           

Nov 24, 2022
7:04PM

ডিজিটিয় মিডিয়াসমূহক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে শীঘ্ৰে আইন প্ৰণয়নৰ কথা প্ৰকাশ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ

File Photo
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কেন্দ্ৰীয় চৰকাৰে ডিজিটিয় মিডিয়াসমূহক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে শীঘ্ৰে আইন প্ৰণয়ন কৰিব বুলি প্ৰকাশ কৰিছে। জয়পুৰত কালি এখন বাতৰি কাকতৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রী ঠাকুৰে কয় যে ডিজিটিয় মিডিয়াৰ সৈতে জড়িত হৈ থকা নতুন সাংবাদিকসকলকো স্বীকৃতি দিয়া হ'ব। পূর্বে বাতৰিৰ এক পক্ষীয় যোগাযোগ হৈছিল বুলি প্ৰকাশ কৰি তেওঁ কয় যে সম্প্রতি বৈদ্যুতিন আৰু ডিজিটিয় মিডিয়াৰ বিকাশৰ লগে লগে বাতৰিৰ বহুমুখী প্ৰচাৰ সম্ভৱ হৈ উঠিছে। মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমলৈ নিজৰ কর্তব্য দায়িত্বপূর্ণভাৱে পালন কৰাৰ লগতে ভয় তথা দ্বিধাৰ বাতাবৰণ সৃষ্টি নকৰিবলৈ অনুৰোধ জনায়। কেন্দ্ৰীয় চৰকাৰে বাণিজ্যিক তথা জীৱন ধাৰণৰ সুচলতাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি তেওঁ কয় যে কোম্পানীসমূহৰ পঞ্জীয়নৰ ক্ষেত্ৰত অনা পৰিৱৰ্তন এই দিশত লোৱা এটা পদক্ষেপ।
        অনুষ্ঠানত ৰাজস্থানৰ ৰাজ্যপাল কালৰাজ মিশ্ৰই কয় যে সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ বৃহত্তম বার্তাবাহক। তেওঁ লগতে সাংবিধানিক প্ৰমূল্যবোধ তথা গণতন্ত্ৰৰ ওপৰত জনসাধাৰণৰ বিশ্বাসক শক্তিশালী কৰি তোলাটো সাংবাদিকতাৰ লক্ষ্য বুলি মত প্ৰকাশ কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1